শক্তিঃ নিউক্লিয়েৰ ৰিয়েক্টৰ সুৰক্ষিত হোৱাৰ পথত- ড০ ৰাস্না ৰাজখোৱা

Pc the converstation

শক্তিঃ নিউক্লিয়েৰ ৰিয়েক্টৰ সুৰক্ষিত হোৱাৰ পথত

বায়ুমণ্ডলৰ কাৰ্বন নিয়ন্ত্ৰণ কৰিবলৈ ভৱিষ্যতে শক্তি প্ৰযুক্তিসমূহৰ একত্ৰিকৰণৰ প্ৰয়োজন হ’ব, সম্ভৱতঃ নিউক্লিয়েৰ ৰিয়েক্টৰ (nuclear reactor) সমূহো ইয়াত অৰ্ন্তভুক্ত হ’ব, যিয়ে কাৰ্বন নিৰ্গত নকৰে কিন্তু কেইটামান মূখ্য দুৰ্ঘটনাৰ কাৰণে ইহঁতক বিপদজনক যেন দেখা যায়। এই বিপদসমূহ কমাব পৰা যাব। কেইবাদশকো ধৰি ব্যৱসায়িক ৰিয়েক্টৰক একে ইন্ধন ব্যৱহাৰ কৰি থকা হৈছে যিবোৰ হৈছে যাৰকনিয়াম সংকৰ (zirconium alloy) ধাতুৰে নিৰ্মিত দীঘল চূঙাকৃতিৰ দণ্ডৰ ভিতৰফালে ইউৰেনিয়াম-ডাই- অক্সাইডৰ (Uranium dioxide) সৰু সৰু বড়ি। ইউৰেনিয়াম-ডাই- অক্সাইডৰ সৰু সৰু বড়িবোৰত বিয়োজন বিক্ৰিয়াৰ ফলত উৎপন্ন নিউট্ৰনসমূহক ৰিয়েক্টৰৰ মাজভাগৰ ভিতৰফালে জলমগ্ন হৈ থকা বহুতো দণ্ডৰ মাজেৰে যাৰকনিয়ামে সহজে পাৰ হবলৈ দিয়ে, নিউক্লিয় বিক্ৰিয়াৰ ফলত যথেষ্ট তাপ উৎপন্ন হয়। সমস্যাটো হৈছে যদি যাৰকনিয়াম বেছি উত্তপ্ত হয়, ই পানীৰ সৈতে বিক্ৰিয়া কৰিব পাৰে আৰু হাইড্ৰজেন উৎপন্ন কৰে, যাৰ বাবে বিস্ফোৰণ হ’ব পাৰে। পৃথিৱীৰ দুটা ভয়ানক দুখজনক ৰিয়েক্টৰ দুৰ্ঘটনাৰ
দৃশ্য যোজনা হ’লঃ 1979 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ থ্ৰি মাইল দ্বীপত (Three Mile Island) সাম্ভাব্য বিস্ফোৰণ আৰু আংশিক পৰমাণু দুৰ্ঘটনা আৰু অন্যটো হ’ল 2011 চনত জাপানৰ ফুকুচিমা ডাইচি (Fukushima Daiichi)ত বিস্ফোৰণসমূহ আৰু বিকিৰণ নিৰ্গমন। (1986 চনত চাৰ্ন’বিল দুৰ্ঘটনা ৰিয়েক্টৰৰ ভুল ৰূপাংকন আৰু সঞ্চালনৰ বাবে সংঘটিত হৈছিল।) ৱেষ্টটিং হাউচ ইলেক্ট্ৰিক কম্পেনী (Westinghouse Electric Company) আৰু ফ্ৰামাটোম (Framatome)ৰ দৰে নিৰ্মাতা প্ৰতিষ্ঠানবোৰে খুব সোনকালে তথাকথিত দুৰ্ঘটনা-সহন ইন্ধন (accident-tolerant
fuels) যিবোৰ অতিৰিক্ত উত্তপ্ত হোৱাৰ সম্ভৱনা কম– আৰু যদি অতিৰিক্ত উত্তপ্ত হয়ো, সিহঁতে হাইড্ৰজেনখুব কম পৰিমাণে উৎপন্ন কৰিব অথবা উৎপন্ন নকৰিবও পাৰে। কিছুমান পৰিবৰ্তনত, যাৰকনিয়ামক নিম্নতম বিক্ৰিয়কৰ দ্বাৰা প্ৰলেপ দি আচ্ছাদিত কৰা হৈছে। অন্য ধৰণে কবলৈ গ’লে, যাৰকনিয়াম আৰু আনকি ইউৰেনিয়াম-ডাই-অক্সাইডক বেলেগ পদাৰ্থ দ্বাৰা প্ৰতিষ্ঠাপন কৰা হৈছে। বৰ্তমানৰ ৰিয়েক্টৰসমূহৰ মাজত সামান্য পৰিবৰ্তনৰে এই নতুন সমাকৃতিৰ ৰিয়েক্টৰবোৰ 2020 চনৰ শেষৰফালে অথবা 2021 চনৰ আগভাগত আহিব পাৰে। এই ক্ষেত্ৰত আৰম্ভ হোৱা আভ্যন্তৰীণ পৰীক্ষা সফল হৈছে, আৰু নিয়ন্ত্ৰক সকল সন্তুষ্ট হৈছে। অতিৰিক্ত লাভালাভ হৈছে এয়ে যে নতুন ইন্ধনে পাৱাৰ প্লেন্টসমূহ দক্ষতাৰে চলিবলৈ সহায় কৰিব। নিউক্লিয়েৰ শক্তি অধিক ব্যয়-প্ৰতিযোগী তথাপি নিৰ্মাতাসকলৰ কাৰণে এটা মহত্বপূৰ্ণ প্ৰেৰণা আৰু বৈদ্যুতিক শক্তি ব্যৱহাৰৰ কাৰণ হ’ল প্ৰাকৃতিক গেছ, সৌৰ আৰু বতাহ শক্তি কম ব্যয় বহুল। যদিও নিউক্লীয় শক্তি, আমেৰিকা যুক্তৰাষ্ট্ৰত আৱদ্ধ আৰু জাৰ্মানী আৰু অন্য দেশসমূহত কমি আহিছে, ৰাছিয়া আৰু চীনে আগ্ৰাসী ধৰণে নিৰ্মাণ কাৰ্য কৰিছে। এই বজাৰবোৰ এই নতুন ইন্ধন নিৰ্মাতাসকলৰ বাবে লাভজনক হ’ব পাৰে। ৰাছিয়াইও অন্য সুৰক্ষাৰ জোখমাখবোৰ মুকলি কৰিছে; শেহতীয়াকৈ ৰাষ্ট্ৰত বা বাহিৰত ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত কোম্পেনী ৰ’চাটাম (Rosatom)ৰ নতুন ‘অপ্ৰতিৰোধক’ সুৰক্ষা পদ্ধতি প্ৰতিষ্ঠা কৰিছে, যিটোৱে অতিৰিক্ত উত্তাপনৰ উপযুক্ত সমাধান কৰিব পাৰে, আনকি যদি বৈদ্যুতিক ক্ষমতা পাৱাৰ প্লেনটত নোহোৱা হয় আৰু শীতলক সক্ৰিয়ভাৱে সঞ্চালিত হ’ব নোৱাৰা অৱস্থাটো। ৱেষ্টিংহাউচ আৰু কোম্পেনীবোৰে ‘অপ্ৰতিৰোধক’ সুৰক্ষা গঠনসমূহ তেওঁলোকৰ নতুন উন্নতিকৰণ সংস্কৰণবোৰত একত্ৰিত কৰি ৰূপাংকিত কৰিছে। নিৰ্মাতাসকলে ‘চতুৰ্থ সংস্কৰণ’ৰ আৰ্হি লৈ পৰীক্ষা-নিৰীক্ষা কৰি আছে য’ত সাম্ভাব্য বিপদজনক হাইড্ৰজেন উৎপাদন আতঁৰাবলৈ আৰু বিয়োজনৰ পৰা উৎপন্ন তাপ স্থানান্তৰ কৰিবলৈ পানীৰ সলনি তৰল চডিয়াম বা গলিত লৱণ ব্যৱহাৰ কৰিছে। চীনে 2019 চনতে হিলিয়াম শীতলক ৰিয়েক্টৰ (helium-cooled reactor) তেওঁলোকৰ পাৱাৰ প্লেন্ট জালিকাৰ লগত সংযোগ কৰিবলৈ মনস্থ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত, স্থায়ী ৰাজনৈতিক প্ৰতিশ্ৰুতিৰ অভাৱত উদ্যোগটোৰ প্ৰসাৰণত দীঘলীয়া সময়ৰ বাবে নিউক্লীয় ইন্ধন ব্যয়ৰ কাৰণে গভীৰ ভূ-তাত্ত্বিক ভঁৰালত অনিশ্চয়তা আহিছে। আৱেগ সলনি হ’ব পাৰে। আচৰিত ধৰণে, এক ডজনতকৈও অধিক আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইনকৰ্তা বা ব্যৱস্থাপক সকলে শেহতীয়াকৈ নেভডা (Nevada)-ৰ ইয়ুকা মাউন্টেইন নিউক্লীয় (Yucca Mountain nuclear) বৰ্জনীয় পদাৰ্থৰ ভঁৰালৰ কাৰণে পুনৰ আৰম্ভৰ অনুমতিৰ কাৰণে প্ৰস্তাৱ লৈছে, গ্ৰাহক যোগাইছে, 1987 চনৰ পৰা দেশৰ প্ৰধান জমা ঠাই হিচাবে ব্যৱহূত। যিকি নহওঁক আলষ্কাৰ চিনেটৰ লিচা মোৰক’ৱষ্কি (Lisa Murkowski)-য়ে ইডাহ’ নেশ্বনেল লেবৰটৰীত (Idaho National Laboratory) খুব সৰু ৰিয়েক্টৰ নিৰ্মাণ কৰিবৰ কাৰণে সমৰ্থন জনাইছে। (ৰ’চাট’মেও সৰু ৰিয়েক্টৰসমূহ নিৰ্মাণ কৰিছে) আৰু পশ্চিমীয়া দেশসমূহৰ এটা দলে পৰীক্ষামূলকভাবে অৰিগ’নৰ বাৰটামান একেশ্ৰেণীৰ সূচীভুক্ত ৰিয়েক্টৰৰ বাবে পশ্চিমীয়া ৰাজ্য কেইখনমানৰ এটা গোটে নুস্কেল পাৱাৰ (NuScale Power)ৰ সৈতে এটা থূলমূল চুক্তি সম্পন্ন কৰিছে।

ড০ ৰাস্না ৰাজখোৱা
জামুগুৰিহাট, শোণিতপুৰ, অসম-784180
ফোন নং–9854492326