শংকৰদেৱ বিদ্যা নিকেতন, বিষ্ণুপথত অষ্টম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

শংকৰদেৱ বিদ্যা নিকেতন, বিষ্ণুপথত অষ্টম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- শংকৰদেৱ বিদ্যা নিকেতন , বিষ্ণুপথ, গুৱাহাটীত অষ্টম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় । ৰাতিপুৱা ৭-৪৫ বজাত বন্তি প্ৰজ্জ্বলন আৰু বন্দনাৰে প্ৰথম সত্ৰৰ শুভাৰম্ভ কৰা হয় । বন্তি প্ৰজ্জ্বলন কৰে যোগাচাৰ্য তথা শিশু শিক্ষা সমিতি,অসমৰ প্ৰশিক্ষণ প্ৰমুখ মহানন্দ দাসে । তেওঁ ভাষণত ” যোগৰ তাৎপৰ্য আৰু ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ বাবে পতঞ্জলি অষ্টাংগ যোগৰ ওপৰত বিশেষ মাৰ্গ দৰ্শন কৰে আৰু ছাত্ৰ-ছাত্ৰীক যোগ শিক্ষাৰ প্ৰতি আকৰ্ষিত হ’বলৈ আহ্বান জনায় । দ্বিতীয় সত্ৰত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যোগ চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ অনিল শৰ্মা । তেওঁ যোগ বিদ্যাৰ ওপৰত চমু অথচ গভীৰ বক্তব্য ৰাখে । বৰ্তমান সময়ত যোগৰ জৰিয়তে ৰোগ নিৰাময় যে কৰিব পাৰি তাৰ বিশদ ব্যাখ্যা দাঙি ধৰে । যোগাচাৰ্য মহানন্দ দাসৰ মাৰ্গ দৰ্শনত আৰু নিকেতনৰ আচার্য ৰামেশ্বৰ ঠাকুৰীয়াৰ সহযোগত নিকেতনৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক অভিভাৱিকা, আচাৰ্য আচাৰ্যা আৰু নিকেতন পৰিচালনা সমিতিৰ সদস্য সকলে একেলগে যোগ মন্ত্ৰ গাই, ব্ৰহ্মনাদ ধ্বনি দি , সন্ধি ব্যায়াম, থিয় হৈ কৰা আসন,সূৰ্য নমস্কাৰ, প্ৰাণায়াম ইত্যাদিৰ অনুশীলন কৰে । গোটেই সভাখন পৌৰহিত্য কৰে নিকেতনৰ প্ৰধানাচাৰ্য তপন শৰ্মাই ।উপ প্ৰধান আচাৰ্য খনিন বৰ্মনে শলাগৰ শৰাই আগবঢ়ায় । শেষত ” বন্দে মাতৰম” ৰাষ্ট্ৰীয় সংগীতেৰে যোগ দিৱসৰ কাৰ্য ক্ৰমণিকা সামৰণি মৰা হয় ।