শংকৰদেৱ কলাক্ষেত্ৰত ’কুশল কোঁৱৰ’ নাটক মঞ্চস্থ

শংকৰদেৱ কলাক্ষেত্ৰত ’কুশল কোঁৱৰ’ নাটক মঞ্চস্থ

ৰঙিলী বাৰ্ত্তাসেৱা- অমৰ শ্বহীদ কুশল কোঁৱৰৰ ৮০ সংখ্যক মৃত্যু বাৰ্ষিকী, শ্বহীদ দিৱসত অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ দ্বাৰা নিবেদিত নাটক” কুশল কোঁৱৰ” অলপতে কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সফলতাৰে মঞ্চস্থ হৈ যায়। নাটকৰ ৰচনা আৰু পৰিচালনা ভূপেন গোস্বামীৰ, সংগীত নিৰ্দেশনাত উপকূল বৰদলৈ, সংগীত প্ৰয়োগ আৰু চয়ন ধনজিৎ বড়োৰ,পোহৰ তপন বৰুৱা,কলা আৰু মঞ্চ নিৰ্দেশনা নুৰুদ্দিন আহমেদ, ৰূপসজ্জা প্ৰশান্ত বৰা, সহকাৰী পৰিচালক বসন্ত শইকীয়া আৰু নৱ কুমাৰ বৰুৱা, প্ৰযোজনা আৰু পৰিকল্পনা দ্বিজেন্দ্ৰ মোহন শৰ্মা (সা: সম্পাদক,অ:ৰা: মুক্তিযুঁজাৰু সন্মিলন),মুখ্য পৃষ্ঠপোষক ড° হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী,অসম।নাটখনত বসন্ত শইকীয়া,নৱ বৰুৱা,ইয়াকুব আলী আদি কেইবাজনো জনপ্ৰিয় অভিনেতাই অভিনয় কৰে৷