লোক সেৱা আয়োগৰ পৰীক্ষাত একেলগে উত্তীৰ্ণ হ’ল মাতৃ-পুত্ৰ

Pc The Janambhumi

লোক সেৱা আয়োগৰ পৰীক্ষাত একেলগে উত্তীৰ্ণ হ’ল মাতৃ-পুত্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   কেৰালাৰ মালাপুৰমৰ এগৰাকী ৪২ বছৰীয়া মহিলা আৰু তেওঁৰ ২৪ বছৰীয়া পুত্ৰই একেলগে লোক সেৱা আয়োগৰ (পি এছ চি) পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।৪২ বছৰীয়া মাতৃ বিন্দু আৰু তেওঁৰ ২৪ বছৰীয়া পুত্ৰ বিবেক একেলগে প্ৰশিক্ষণ শ্ৰেণীলৈ গৈছিল।এই সন্দৰ্ভত পুত্র বিবেকে কয়, ‘আমি ক’চিং ক্লাছলৈ একেলগে গৈছিলোঁ।মোৰ মায়ে এই পৰীক্ষাৰ বাবে আকৰ্ষিত কৰিলে আৰু দেউতাই আমাৰ বাবে সকলো ব্যৱস্থা কৰিলে।আমাৰ শিক্ষকসকলেও আমাক প্ৰেৰণা যোগালে।আমি একেলগে পঢ়িছিলোঁ।কিন্তু ভবা নাছিলোঁ যে আমি দুয়োজনেই উত্তীৰ্ণ হ’ম।আমি দুয়ো বৰ আনন্দিত।’ যেতিয়া বিবেক দশম শ্ৰেণীত আছিল, তেতিয়া মাক বিন্দুৱে বিবেকক উৎসাহ যোগাবলৈ কিতাপ পঢ়া আৰম্ভ কৰিছিল।ইয়ে তেওঁক কেৰালা পি এছ চি পৰীক্ষাৰ বাবেও উৎসাহ যোগালে।বিন্দুরে যোৱা দহ বছৰ এটা অংগনৱাড়ী কেন্দ্ৰত শিক্ষাদান কৰি আছিল। উল্লেখযোগ্য যে,কেৰালাত পি এছ চি পৰীক্ষাৰ বাবে বয়সৰ সীমা হৈছে ৪০ বছৰ। কিন্তু নির্দিষ্ট শ্ৰেণীৰ বাবে বয়সৰ কিছু ৰেহাই আছে।