লোকসভা-বিধানসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ দাবী

pc Times of India

লোকসভা-বিধানসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ অন্যান্য ৰাজ্যৰ দৰে অসমতো লোকসভা আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি আগন্তুক নিৰ্বাচনৰ সময়ৰ পৰা কাৰ্যকৰী কৰিবলৈ দাবী জনাইছে দেউৰী জনজাতি ষষ্ঠ অনুসূচী দাবী সমিতিয়ে৷ এক প্ৰেছ বিবৃতি যোগে সমিতিৰ প্ৰচাৰ সম্পাদক এল এন দেউৰীয়ে কয়-কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়ধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ অধ্যক্ষতাত অসম আৰু উত্তৰ পূৰ্বৰ চাৰি ৰাজ্য,জম্মু কাশ্মীৰৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাৰণে এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছিল৷এই সমিতিয়ে অধ্যয়ন কৰি ইতিমধ্যে চৰকাৰক প্ৰতিবেদন দাখিল কৰা বুলি প্ৰকাশ পাইছে৷গতিকে লোকসভাৰ চলিত অধিৱেশন আৰু অসম বিধানসভাৰ চলিত অধিৱেশনৰ কাৰ্যসূচীৰ মাজতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব লাগে৷লগতে উক্ত সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সকলো ৰাজনৈতিক দলে অধিৱেশনৰ মজিয়াত সৰ্বসন্মতভাৱে প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ৷