লোকসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধি অসম তৃণমূল কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

লোকসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধি অসম তৃণমূল কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

ৰঙিলী বাৰ্ত্তাসেৱা- লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিশেষ তৎপৰতা আৰম্ভ কৰিছে অসম তৃণমূল কংগ্ৰেছে। আজি সমাগত নিৰ্বাচনৰ বাবে গুৱাহাটীৰ ৰুক্মিনীনগৰ বিহুতলী প্ৰেক্ষাগৃহত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি কঁকালত টঙালি বান্ধে অসম তৃণমূল কংগ্ৰেছে। অসম তৃণমুল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সভাপতিত্বত আজি ৰাজ্যৰ বিভিন্ন জিলাৰ জিলা কমিটী, মহিলা কমিটী আৰু যুৱ কমিটীৰ প্ৰায় ৩০০ জন সদস্যই বৰ্ধিত কাৰ্যনিৰ্বাহকত অংশ গ্ৰহণ কৰে। অনুষ্ঠিত কাৰ্যনিৰ্বাহকত পৰ্যবেক্ষক হিচাপে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সদস্য তথা ৰাজ্যসভাৰ সাংসদ শান্তনু সেন উপস্থিত থাকি দলীয় কৰ্মীসকলোক উদ্বুদ্ধ কৰাৰ লগতে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠে। ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে কয় যে- অসমত ডবল ইঞ্জিনৰ চৰকাৰ থকাৰ পাছতো কেনেধৰণৰ উন্নয়ন হৈছে সেয়া সকলোৱে দেখিছে। নামনিৰ পৰা উজনি অথবা বৰাকলৈ গলেই পথৰ অৱস্থা গম পোৱা যায়। মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া আৰু বানত লাখ লাখ জনতাই এতিয়াও চকুলো টুকে।আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত থকা সময়ত বিভিন্ন কেলেংকাৰীত জড়িত আছিল বুলি অভিযোগ কৰে তৃণমূলৰ সাংসদ গৰাকীয়ে ৷ বিজেপিলৈ আহি ধোৱা তুলসীৰ পাত হৈছে উল্লেখ কৰি বিজেপিত আহিলেই সকলো পাপ খণ্ডন হয় বুলি মন্তব্য কৰি অৱশ্যে মুখ্যমন্ত্ৰী হোৱাৰ পাছত তেওঁৰ পত্নীয়ে হাজাৰ হাজাৰ বিঘা ভুমি ক্ৰয় কৰিবলৈ সক্ষম হৈছে বুলি তৃণমূল কংগ্ৰেছৰ সাংসদ শান্তনু সেনে কটাক্ষ কৰে। ইপিনে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ বাবে বিৰোধীয়ে ইণ্ডিয়া মহাজোঁট গঠন কৰা সন্দৰ্ভত মন্তব্য প্ৰদান কৰি শান্তনু সেনে কয় যে-বিজেপিৰ পৰা ক্ৰমশঃ সহযোগী দলবোৰ আঁতৰি আহিবলৈ আৰম্ভ কৰিছে। দাক্ষিণাত্যত বিজেপি এতিয়া শূণ্য। শেহতীয়াকৈ তামিলনাডুৰ শক্তিশালী দল এআইএমডিকে দলে বিজেপিৰ সংগ ত্যাগ কৰিছে।আগন্তুক ইণ্ডিয়াৰ বৈঠকত আৰু অধিক ৰাজৈনিতক দল মহাজোঁটত চামিল হ’ব বুলি উল্লেখ কৰি তৃণমূল কংগ্ৰেছৰ সাংসদ গৰাকীয়ে কয় যে- বিজেপিয়ে হিন্দু-মুচলমানৰ কথা কৈ নিৰ্বাচনী বৈতৰণী পাৰ হ’ব খোজে, কিন্তু হিমাচল প্ৰদেশত মুখ ঠেকেচা খালে য’ত হিন্দু জনসংখ্যা প্ৰায় ৯৫ শতাংশ। কৰ্ণাটকত পৰাস্ত হ’ল।বিজেপিৰ বাবে হিন্দু মুখ্য বিষয় নহয়, বিজেপিৰ প্ৰধান উদ্দেশ্য আদানি-আম্বানিৰ সন্তুষ্টি।ইপিনে সভাত উপস্থিত থাকি প্ৰাক্তন সাংসদ সুস্মিতা দেৱে কয় যে- অসম চৰকাৰ এতিয়া দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ চৰকাৰত পৰিণত হৈছে। বিভিন্ন ধৰণৰ ঠিকা আৱণ্টনত কেন্দ্ৰীয়ভাৱে ধন সংগ্ৰহ কৰা হয়।এই ধনৰ ভাগ ওপৰৰ মহললৈ যায়।আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ নামত একনায়কত্ববাদ চলাই থকাৰ অভিযোগ উত্থাপন কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ গৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে কোনো মন্ত্ৰী,উচ্চ পদস্থ বিষয়াৰ পৰা পৰামৰ্শ নোলোৱাকৈ যি ইচ্ছা সেয়াই কৰে বুলি মন্তব্য কৰে সুস্মিতা দেৱে।ইপিনে আগন্তুক লোকসভাত আসন ভাগ-বটোৰৱা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাই।‘ইণ্ডিয়া’ মহাজোঁটৰ প্ৰেক্ষাপটত অসমত কংগ্ৰেছৰ পিছতে তৃণমূল কংগ্ৰেছ দ্বিতীয় শক্তিশালী দল হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰি ৰাজ্যৰ ১৪ খন আসনৰ ভিতৰত অসম তৃণমূল কংগ্ৰেছে ৫খন আসন বিচৰাটো যুক্তি সংগত বুলি মন্তব্য কৰে অসম তৃণমূলৰ সভাপতি ৰিপুন বৰাই।উল্লেখ্য যে আজিৰ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ জৰিয়েত অসম তৃণমূল কংগ্ৰেছে তৃণমূল পৰ্যায়ত দলীয় কাম-কাজ বৃদ্ধি, মণ্ডল আৰু ব্লক কমিটি শক্তিশালীকৰণত গুৰুত্ব প্ৰদান কৰা বুলি অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে।