লোকসভাই ৰাজ্য আৰু ৰাজ্যসমূহক তেওঁলোকৰ নিজা অ’.বি.চি. তালিকা প্ৰস্তুত কৰাৰ ক্ষমতা প্ৰদান কৰিবলৈ বিধেয়ক গৃহীত কৰে
অনলাইন বাৰ্ত্তাসেৱা – ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নিজৰ অ’.বি.চি. তালিকা প্ৰস্তুত কৰাৰ ক্ষমতা ঘূৰাই অনাৰ বাবে সংবিধান (১২৭ তম সংশোধনী) বিধেয়ক ২০২১ মঙলবাৰে লোকসভাত গৃহীত কৰা হয়। মুঠ ৩৮৫ জন সদস্যই বিধেয়কখনৰ সমৰ্থনত ভোট দান কৰিছিল আৰু কোনো সদস্যই ইয়াৰ বিৰোধিতা কৰা নাছিল। এই বিধেয়কখন সোমবাৰে উত্থাপন কৰিছিল সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰে।
(UD.)