লোকনাথ গোস্বামীলৈ ‘সুধাকণ্ঠ সোঁৱৰণী শিল্পী বঁটা’

PC - Sorapaat

লোকনাথ গোস্বামীলৈ ‘সুধাকণ্ঠ সোঁৱৰণী শিল্পী বঁটা’

ৰঙিলী বাৰ্ত্তাসেৱা- ওৰেটো জীৱন মাটি আৰু মানুহৰ গীত গোৱা ৰাজ্যখনৰ এজন বিশিষ্ট শিল্পী, লোক সংস্কৃতিৰ গৱেষক লোকনাথ গোস্বামীলৈ ২০২২ বৰ্ষৰ ‘সুধাকণ্ঠ সোঁৱৰণী শিল্পী বঁটা’ আগবঢ়াইছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমে । বিগত বৰ্ষবোৰৰ দৰেই এইবাৰো ৫ নৱেম্বৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মহাপ্রয়াণৰ দিনটোতেই পৰিষদৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় কাৰ্য্যসূচীত বিশিষ্ট শিল্পীগৰাকীক তেওঁৰ জীৱনজোৰা সাধনাৰ বাবে এই বঁটা পৰিষদে কেন্দ্রীয়ভাৱে প্ৰদান কৰিব । পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হেমকান্ত দাস, সাধাৰণ সম্পাদক জিতু কাকতি আৰু মুখ্য উপদেষ্টা ৰুবুল দাসে সংবাদ মাধ্যমক আজি এই সন্দৰ্ভত জানিবলৈ দি কয় যে, সুধাকণ্ঠ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাই অসম আৰু অসমীয়া জাতিলৈ আগবঢ়াই যোৱা অতুলনীয় বৰঙণিৰ বাবে প্রত্যেক বছৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমে ৰাজ্যিক ভিত্তিত এজন বিশিষ্ট শিল্পীক এই বঁটা প্ৰদান কৰি আহিছে। সুধাকণ্ঠ গৰাকীৰ সৃষ্টিৰাজিক চিৰযুগমীয়া কৰি ৰখাৰ বাবেও পৰিষদে বিগত সময়ছোৱাত বিভিন্ন ধৰণে পদক্ষেপ গ্রহণ কৰি আহিছে । গীত – মাত , কবিতা , নাটক আদি বিভিন্ন বিষয়ত পৰিষদে কর্মসূচী ৰূপায়ণ কৰি আহিছে । পৰিষদৰ কেন্দ্ৰীয় জুৰি সমিতিয়ে চলিত বৰ্ষত উক্ত বঁটাটিৰ বাবে লোকনাথ গোস্বামীৰ দৰে এজন গণশিল্পীক মনোনীত কৰাত কেন্দ্রীয় নেতৃবৃন্দই সন্তুষ্টি প্ৰকাশ কৰি কয় যে , এজন প্ৰকৃত গণশিল্পীক জীৱনজোৰা সৃষ্টি আৰু সাধনাৰ বাবে সুধাকণ্ঠৰ স্মৃতিত বঁটা প্ৰদান কৰিবলৈ পাই অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ , অসম প্ৰকৃতাৰ্থত আনন্দিত হৈছে । আনহাতে , নেতৃবৃন্দই জানিবলৈ দিয়া মতে এই বঁটাটিত থাকিব এখন ফুলাম গামোচা , এখন সম্বৰ্দ্ধনা পত্র , এটা ম’মেণ্ট , এটা জাপি , নগদ দহ হাজাৰ টকা আৰু এটি উপহাৰৰ টোপোলা ।