লিমাৰিক
ৰশ্মি গগৈ
(1)
পৰিশ্ৰমে হে জীৱনত উন্নতি আনে
এই কথাষাৰ সকলোৱে বুজে জানে
কিন্তু জানিও নজনা
বুজি পালেও অজানা
সেয়েহে জীৱনলৈ বিপদ টানি আনে।
2
শিক্ষাই জীৱনটো গঢ়াৰ মূল ভেটি
তাকে নুবুজি জীৱনত খায় উজুটি
মনটো যদি নাবান্ধে
দুখ পাব ৰন্ধ্ৰে ৰন্ধ্ৰে
সেইয়ে চিন্তা কৰি গঢ়া জীৱন ভেটি।