লিমাৰিক – সুনম বিশ্বাস

PC - iStock

লিমাৰিক

সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ

(1)
ৰতন আছিল তপস্যাত খুব মগ্ন
প্রেমত বিফল সি হ’ল  হৃদয় ভগ্ন
নকৰে প্রেম আৰু
কৰিছে তপ বাৰু
ৰূপালীয়ে ক’লে আই লাভ ইউ ৰত্ন ।
(2)
মদ খায় স্বামীয়ে আহিল ঢলি-পৰি
তাকে দেখি পত্নীয়ে ক’লে নগলি মৰি
নিচাত মাতাল তই
ভাত ৰান্ধিম কি মই
শুই থাক অনায়সে ঝাড়ুটোকে ধৰি
(3)
বনৰ ৰজা সিংহ যে অহংকাৰী
বাঘো যে কম নহয় প্রলয়ংকাৰী
শিয়াল হৰিণ সাপ
জিৰাফ ওখৰ বাপ
চিকাৰীয়ো মাজে মাজে মাতে হৰি হৰি।
(4)
কবি সন্মিলনত গৈ কৰিব  আবৃত্তি
মাইক ধৰি  দিব নোৱাৰিল বিবৃতি
নাম যে  ডাঙৰ কবি
বঁটা যে কিমান চাবি
টকাৰে নাম কিনা এয়া এক সুবৃত্তি।
(5)
ৰহিম আৰু কৰিম একেবাৰে লেধা
চৰাইৰ বিষ্ঠা চূণ বুলি মাৰিলে চাধা
যদু বোলে ই দুৰ্গন্ধ
কি কৰিলি যে ঐ অন্ধ
বহি থাক তহঁত অখাদ্য খাই গাধা ।