লিমাৰিক – নিৰ্মালি কাকতি

লিমাৰিক

 নিৰ্মালি কাকতি ,
নগাঁও জৰাবাৰী

(১)

বনভোজ খাবলৈ হেনো কৰিছে মন
সকলোৰে মিলি-জুলি গোটাইছে ধন
পুৱাতে আহিব বাছ
কিনিছে ইলিছ মাছ
আজৰি কৰি লʼলে ঘৰৰ বাহী বন।

(২)
চলন্ত বাছত সিহঁতৰ কি যে ৰং
নাচ-বাগৰ নাই একেবাৰেই ঢং
সংস্কৃতিৰ কুৰূপ
বাঢ়িছে যিটো প্ৰকোপ
পেটে পেটে উঠিছে মোৰ বহুত খং।