লিমাৰিক
ইভা গন্ধীয়া ফুকন
১/
মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হ’ল
শিক্ষাৰ্থীৰ মনবোৰ খেলিমেলি হ’ল
কাক কৰিবা বিশ্বাস
কাকনো দিবা আশ্বাস
গণ্ডগোলৰ গুৰিটো শিক্ষাগুৰু হ’ল ।
২/
কুলী কেতেকীৰ মাতত বসন্ত আহে
হুৰমুৰকৈ বৰদৈচিলাজনী আহে
মাকৰ ঘৰলৈ বুলি
ৰঙালী বিহুটি বুলি
তগৰ ,কপৌ,নাহৰে বিৰিখত হাঁহে ।
৩/
ৰঙালী বিহুটি আছেহি ৰৈ পদূলিত
সান্দহ চিৰা পিঠা ভৰাওঁ টেকেলিত
বৈছো বিহুৱানখনি
দিবলৈ শৰাইখনি
বিহু মাৰো আহা গৃহস্থৰ চোতালত ।
৪/
বিহু বুলি নতুন কাপোৰ সাজ নাই
পিঠা – পনা ভাঁজিবলৈ জহা বৰা নাই
নকৰোঁ মনটো বেয়া
ফুটা কপাল এইয়া
বিহু নাচিম সাঁজপানী এবাতি খাই ।