লাহোৰৰ জোহৰ টাউনত বিস্ফোৰণ, একেটা অঞ্চলতে সন্ত্ৰাসবাদী হাফিজ ছাইদৰ ঘৰ
অনলাইন বার্তাসেৱা: পাকিস্তানৰ সন্ত্ৰাসবাদী হাফিজ ছাইদৰ এলেকাত এক বৃহৎ বিস্ফোৰণ হৈছে য’ত কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি, বিস্ফোৰণটো জোহৰ টাউন অঞ্চলত সংঘটিত হৈছিল য’ত জামাত-উত-দাৱাৰ মুৰব্বী আৰু মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছাইদ বাস কৰে। বাতৰি অনুসৰি, বিস্ফোৰণৰ পিছত সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে আৰু আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।