লাডেনৰ পাছত অল কায়দাৰ মুৰব্বী আয়মান অল জৱাহিৰিক হত্যা কৰিলে আমেৰিকাই

Pc The Financial Express

লাডেনৰ পাছত অল কায়দাৰ মুৰব্বী আয়মান অল জৱাহিৰিক হত্যা কৰিলে আমেৰিকাই

ৰঙিলী বাৰ্ত্তাসেৱা-  লাডেনৰ পাছতেই আমেৰিকাই হত্যা কৰিলে সন্ত্ৰাসবাদী সংগঠন অল কায়দাৰ মুৰব্বী আয়মান অল–জৱাহিৰিক।আয়মান অল–জৱাহিৰিক হত্যা কৰাৰ দাবী কৰিছে আমেৰিকাই।ৰাষ্ট্ৰপতি জ’ বিডেনে সোমবাৰে হোৱাইট হাউচৰ এক ভাষণত কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ড্ৰোন আক্ৰমণত অলকায়দাৰ নেতা আয়মান আল-জাৱাহিৰীক হত্যা কৰে।বিগত ২১ বছৰ ধৰি আমেৰিকাই আল–জৱাহিৰিৰ সন্ধানত আছিল।আফগানিস্তানৰ কাবুলত এক ড্ৰোনৰ আক্ৰমনত মৃত্যু হয় জৱাহিৰি।জৱাহিৰিয়ে ঘৰৰ বেলকনীত বহি থকাৰ সময়তে তেওঁক লক্ষ্য কৰি লোৱা হয়।জাৱাহিৰীৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰই ২৫ নিযুত ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছিল।আয়মান আল–জৱাহিৰিয়ে ২০১১ চনত ওছামা বিন লাডেনৰ মৃত্যুৰ পিছত অল কায়দাৰ দায়িত্ব লৈছিল।জৱাহিৰি লাডেনৰ খুব ঘনিষ্ঠ আছিল।বিন লাডেনৰ মৃত্যুৰ পিছত জৱাহিৰিয়ে অল কায়দাৰ নেতৃত্ব লয়।বিশ্বৰ বহু বিশেষজ্ঞৰ মতে, ১১ ছেপ্টেম্বৰ ২০০১ত আমেৰিকাত হোৱা আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী আছিল জৱাহিৰি।এই আক্ৰমণত প্ৰাত তিনি হাজাৰ আমেৰিকান নাগৰিকৰ মৃত্যু হৈছিল। সেই ভয়ংকৰ আক্ৰমণৰ বাবে চাৰিখন বিমান হাইজেক কৰা হৈছিল। ইয়াৰে দুখন বিমানে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দুয়োটা টাৱাৰত আক্ৰমণ কৰিছিল।