লাজে লাজে – ৱাহিদ আহমেদ

PC-Counselling Directory
লাজে লাজে 
ৱাহিদ আহমেদ, কাটাৰ, ডোহা
তোমাৰ কাৰণে লিখা চিঠিবোৰ
থওঁতে থওঁতে উৱলি গৈছে
দিবলৈ কিবা খোকোজা লাগিছে
মই ভবাৰ দৰে যদি তুমি
সহৃদয়শীল নোহোৱা
অৱেশ্যেই তুমি ধুনীয়া পিছে
তোমাৰ হৃদয়খনে আঘাত কৰিলে
দুখবোৰে যে মোক বেছিকৈ আমনি কৰিব
আজিও তোমাক কৰ্ট তিনিআলিত
দেখিছিলোঁ যদিও কোৱা ন’হল
লাজবোৰে মোক বিপাঙত পেলায়
তুমি নাথাকিলে ঠিকেই কল্পনা কৰোঁ
লগ পালে লাজতো কেনেকৈ আহে
লাজৰ পৰা একো নোকোৱাকৈ
মনে মনে থাকোঁ
লাজত মানে মই একোৱেই ক’ব নোৱাৰোঁ
তুমিতো মোৰ অৱস্থাৰ কথা জানা
তুমিতো মোৰ শৈশৱৰ কথা জানা
তুমিতো মোৰ লাজৰ কথাটো
নিশ্চয় বুজি পাইছা
তোমাক কেনেকৈ বুজাই কওঁ
তোমাক কবলৈ মই আগতেও বহুবাৰ
চেষ্টা কৰিছিলোঁ
মই থমকি ৰওঁ
একমাত্ৰ লাজ শব্দটোৰ কাৰণেই
আজি তোমাক এই কবিতাটিৰ
মাজত দেখা পাইছোঁ
তোমাক মই মোৰ হৃদয়ত
মৰম কৰি এই কবিতা লিখিছোঁ
তুমি ভালপোৱা শব্দকেইটাৰে ঠিক
তোমাক বুজাই দিম
তুমি বুজি পালে মোলৈ এবাৰ হ’ লেও
ফোন কৰিবা দেই…
তোমাৰ লগত নাথাকিলেও মোৰ
নাম্বাৰটো ৰিমঝিম বৰাৰ লগত আছে ৷