লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে নতুন দিল্লীত অজন্তা নেওগ

লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে নতুন দিল্লীত অজন্তা নেওগ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰে অহা ২৩ নৱেম্বৰৰ পৰা নতুন দিল্লীত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ আয়োজনক লৈ খাদ্য সমিতিৰ অধ্যক্ষা তথা অসম চৰকাৰৰ বিত্ত, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে নতুন দিল্লীত উপস্থিত হৈছে। বিত্তমন্ত্ৰী নেওগে আজি বিজ্ঞান ভৱনলৈ গৈ কাম-কাজৰ বুজ লয়। এই পৰিদৰ্শনৰ সময়ত অসম চৰকাৰৰ আন এগৰাকী মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম আৰু বিধায়ক দিগন্ত কলিতাও মন্ত্ৰী নেওগৰ সৈতে উপস্থিত থাকে। ইয়াৰ পিছত নেওগে অসম ভৱনত খাদ্য সমিতিৰ সকলো বিষয়ববীয়াৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত বিধায়ক দিগন্ত কলিতাৰ উপৰি মানৱ ডেকা আৰু অমিয় কুমাৰ ভূঞাও উপস্থিত থাকে। উল্লেখ্য যে আহোম সেনাপতি লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমৰ সৈতে দেশবাসীক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে এইবছৰ অসম চৰকাৰে নতুন দিল্লীত লাচিত দিৱসৰ আয়োজন কৰিছে। অহা ২৩ৰ পৰা ২৫ নৱেম্বৰলৈ তিনিদিনীয়া বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই জয়ন্তীৰ প্ৰথম দিন অৰ্থাৎ ২৩ নৱেম্বৰৰ কাৰ্যসূচীত উপস্থিত থাকিব, কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট বিভাগৰ মন্ত্ৰী নিৰ্মলা সীতাৰমণ। কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে এখন প্ৰদৰ্শনীৰ উদ্বোধন কৰিব। ইয়াৰ উপৰি লাচিত বৰফুকনৰ ওপৰত এখন বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হ’ব। ২৪ নৱেম্বৰৰ কাৰ্যসূচীত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীয়ে সেইদিনা অনুষ্ঠিত হ’বলগা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। তদুপৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ২৫ তাৰিখ ৪০০ সংখ্যক লাচিত দিৱসৰ অন্তিম দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সকলোকে সম্বোধন কৰিব।