লজ্জানত তথা ক্ষোভিত নগাঁও বাসীৰ লগতে সমগ্ৰ সভ্যসমাজ

লজ্জানত তথা ক্ষোভিত নগাঁও বাসীৰ লগতে সমগ্ৰ সভ্যসমাজ

ৰঙিলী বাৰ্ত্তাসেৱা,নগাঁও,দেৱাশীষ গোস্বামী-        যোৱা কিছুদিনৰ পৰা নগাঁৱৰ লগতে ৰাজ্যৰ আকাশে বতাহ কপোঁৱা এটা অন্যতম নিকৃষ্ট বাতৰি হ’ল নগাঁৱৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ দ্বাৰা এজন যুৱকক চলোৱা যৌন নিৰ্যাতন।ইতিমধ্যে প্ৰায় সকলোৰে ম’বাইলে ম’বাইলে উপলব্ধ ‘ভিডিঅ’ ক্লিপ’টোৱে সৰ্বত্ৰে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।নগাঁৱৰ মান সন্মান তথা গৌৰৱ ধূলিস্যাৎ কৰা এজন প্ৰতিষ্ঠিত ব্যৱসায়ী তথা নগাঁও হয়বৰ গাওঁ স্থিত জি.ডি নাৰ্চিংহোম আৰু ৰিছাৰ্চ চেণ্টাৰৰ স্বতাধিকাৰী বিনোদ ম’ৰৰ নিকৃষ্ট কাণ্ডই সভ্য সমাজক লজ্জানত কৰাৰ লগতে সকলোৰে মনত ক্ষোভৰ উদ্গীৰণ ঘটাইছে।নগাঁও ব্যৱসায়ী সন্থা,মাৰোৱাৰী সমাজ আদি প্ৰমুখ্যে সকলো সচেতন নাগৰিকে প্ৰায় ষাঠি উৰ্দ্ধৰ এজন ব্যক্তিয়ে নিকৃষ্ট কামনা চৰিত্ৰাৰ্থ কৰা এনে কাণ্ডক একেমুখে গৰিহণা দিয়াৰ লগতে নিৰ্যাতন কাণ্ডৰ মূল নায়ক বিনোদ ম’ৰক নৰপিশাচ,নৰাধম,দানৱ ইত্যাদি বিভিন্ন বিভূষণেৰে বিভূষিত কৰিছে।উল্লেখযোগ্য যে জি.ডি নাৰ্ছিংহোম ,জি.ডি মটৰ্চ,জ্যোতি ফ্ল’ৰ মিল,বিছলেৰি পেকেজিং প্লাণ্ট আদি বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানৰ অন্যতম স্বতাধিকাৰী তথা বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত কুখ্যাত ব্যৱসায়ী ও মানৱ সমাজৰ কলঙ্ক বিনোদ ম’ৰৰ দৰে নৰপিশাচৰ উচিত তথা দৃষ্টান্তমূলক শাস্তি সকলো দল সংগঠন তথা ৰাজ্যৰ সচেতন মহলে অনতিপলমে কামনা কৰিছে।যাতে বিনোদ ম’ৰৰ দৰে নৰপিশাচে ভৱিষ্যতে এনে নিকৃষ্ট তথা জঘন্য কাণ্ডৰ পৰা নিজকে বিৰত ৰাখে।