লগৰীয়া- ড° যুতিকা ওজা

Pc Future Travel

লগৰীয়া

অমৃতৰ সন্ধানত ফুৰিলো মই
জীৱন সত্ত্বাৰ ঠিকনাৰ বাবে
চেকুৰাই হেপাহৰ ঘোৰা
দিহিঙে দিপাঙে

বিচাৰিলো সুখৰ সফুৰা
শলিতাৰ উত্তাপত চালো
সূৰ্য্যৰ তীব্ৰতা
মৰুভূমিত মৰিচিকাৰ উন্মাদনা
সময়ে কোবাই যোৱা বা-মাৰলিও
আশাভংগ হুমুনিয়াহবোৰ

তোমাৰ সান্নিধ্যত সাৰ পালে
শূন্যতে ঘূৰি ফুৰা সপোনবোৰ
দিঠকৰ ফুল সজালে

শিৰোনাম বিহীন কবিতাবোৰ
প্ৰাণময় হ’ল
বাস্তব মধুময়
কলিজাত বাঢ়িছে বাৰিষাৰ জোন
পোহৰৰ জোনাক চৌপাশে

ড° যুতিকা ওজা
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়