লগন উকলি যা
লগন উকলি যা,
আধৰুৱা হল সকলো কথা।
নেলাগে মোক এই লগন,
মোৰ থাকিলেও আনৰ থাকিব নালাগে সজল-নয়ন।
হে ঈশ্বৰ! দৰিদ্ৰক দিয়ক এই লগন,
শয়নটো মোৰ মনে কৰে দৰিদ্ৰজনৰ অংকন।
এই অংকন দেখি মোৰ নয়ন সজল হৈ পৰে,
মোৰ অন্তৰেওঁ এই লগন দিব বিচাৰে।
পথত দেখা পাওঁ নির্দোষীজনক দণ্ড দিয়া,
অন্য লোকে দেখা পালেওঁ কৰে নেদেখা।
দেখা পালোঁ সেই দৃশ্য যন্ত্ৰৰে বন্দী কৰিব,
এই লগনটোৰ যদি কৰো সৎ ব্যৱহাৰ সকলোৱে সন্মান দিব।
কত ব্ৰহ্মপুত্ৰৰ জল বৈ গ’ল,
তথাপিও জানো! জলৰ লগন উকলি গ’ল।
এই জলৰ লগনৰ বাবে জলৰ অভাৱ নাই,
মানুহে যেন এই লগনক আছে হেৰুৱাই।
তথাপিও যেন আধৰুৱা হল কোৱা,
নেলাগে এই লগন, বৈ যোৱা বৈ যোৱা।
হে ঈশ্বৰ! দৰিদ্ৰ লোকক সুখী কৰি ৰাখা,
তথাপিও কিবা যেন থাকিল আধৰুৱা।
-নিতিষ্মান দাস
সপ্তম শ্রেণী