লখিমী মহিলা দলৰ উদ্যোগত সাহায্য বিতৰত

লখিমী মহিলা দলৰ উদ্যোগত সাহায্য বিতৰত

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী মালিগাঁৱৰ কেইগৰাকীমান উদ্যমি মহিলাৰ এখন উমৈহতীয়া মঞ্চ, লখিমী মহিলা দল। শেহতীয়াকৈ ৰাজ্যৰ ভয়াবহ বান পৰিস্থিতিত ফলত সহস্ৰাধিক লোক গৃহহীন হৈ পৰিছে বহু লোকে আশ্ৰয় শিবিৰ নতুবা মথাউৰিত বাস কৰিব লগীয়া হৈছে। বৰ্তমান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বানপানীয়ে জুৰুলা কৰা লোক সকলৰ আলৈ আঠনি বিৰাজমান। তাৰে মাজতে ক্ষতিগ্ৰস্ত লোক সকলৰ ওচৰত থিয় দিলে লখিমী মহিলা দল। ৰঙিয়া মহকুমাত বানে ক্ষতিগ্ৰস্ত কৰা বিভিন্ন ঠাইত বিতৰণ কৰিলে খাদ্য সামগ্ৰী। সাহায্য বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে, নিজৰা গগৈ,নিৰুপমা চুবেদাৰ,মিনটি,হিৰণ,হিৰণ,পূৰ্ণিমা,ধনিকা,ৰিনা,ৰেনুকা,টুটুমনি নাথ মেধি। উল্লেখ যোগ্য যে দুৰ্যোগৰ বিভিন্ন সময়ত ৰাইজৰ লগত থিয় দি আহিছে লখিমী মহিলা দলৰ সদস্যা সকল।