যৌৱন প্ৰাপ্তিৰ আগত কৈশোৰৰ প্ৰতি ল’ব লগা সাৱধানতা
আপোনাৰ আঠ, ন ,দহ বছৰীয়া সন্তানটিয়ে কেতিয়াবা হঠাতে শিশুৰ দৰে আচৰণ কৰে নেকি? কেতিয়াবা অভিমান কৰে নেকি? কেতিয়াবা কিবা কথাত বহুত জেদ ধৰে নেকি? কেতিয়াবা গুৰু-গম্ভীৰ হৈ আকৌ কেতিয়াবা চঞ্চল হৈ উঠে নেকি? কেতিয়াবা অকলশৰীয়াকৈ থাকিবলৈ বিচাৰে নেকি? এনে সময়ত বাৰু আপুনি চিন্তিত হৈ পৰে নেকি?এনেবোৰ কথাকে ভাবি ব্যক্তিগত অভিজ্ঞতাৰে এটি সামান্য লেখা আগবঢ়ালোঁ–কৈশোৰ কালেই মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়।এই সময়খিনিতেই ল’ৰা-ছোৱালীৰ মনত সকলো ধৰণৰ আবেগ-অনুভূতিৰ উন্মেষ আৰু বিকাশ হ’বলৈ ধৰে।কৈশোৰ কালচোৱা খুউব সুন্দৰকৈ আগবঢ়াই নিব পাৰিলে ভৱিষ্যৎ জীৱনো সুন্দৰ হয়। এনে সময়চোৱাত অভিভাৱকৰ বাবে কিছুমান সতৰ্কতা আৰু সাৱধানতাৰ প্ৰয়োজন হয়, যাতে কিশোৰৰ মনত কোনো বেয়াভাবে ক্ৰিয়া কৰিব নোৱাৰে। কিন্তু, আমাৰ সমাজৰ এটা দুৰ্বলতা যে কিশোৰৰ দেওনা পাৰ হৈ যৌৱনত ভৰি দিয়াৰ বয়সত ল’ব লগা সতৰ্কতা আৰু এই সম্পর্কে আলোচনাৰ কিছু অভাৱ দেখা যায়। যৌৱন পোৱা কাল (adolescence) আৰু যৌৱন প্ৰাপ্তি (puberty) দুটা বেলেগ শব্দ। যৌৱন পোৱা কাল, অৰ্থাৎ কৈশোৰ কালত ল’ৰা-ছোৱালীৰ মন আৰু আবেগৰ তুলনাত শৰীৰৰ তুমুল পৰিবৰ্তন হয় কাৰণে এই সময়চোৱাত অভিজ্ঞতা আৰু শিক্ষাই ভৱিষ্যতৰ ব্যক্তি জন গঢ় দিয়াত গভীৰ প্ৰভাৱ পেলায়। সেইকাৰণে এই সময়চোৱাত অভিভাৱক, শিক্ষক, শিক্ষা-বিষয়া সকলোৱে সতৰ্ক মূলক ব্যৱস্থা লোৱা অতি দৰকাৰ। যৌৱন প্ৰাপ্তিৰ দুবছৰ মানৰ আগৰ পৰাই যৌৱন পোৱাকাল (কৈশোৰ) আৰম্ভ হয়। ছোৱালীৰ ক্ষেত্ৰত যৌৱন প্ৰাপ্তিয়ে কন্যাকাল আৰম্ভ হোৱা আৰু ল’ৰাৰ ক্ষেত্ৰত বীৰ্য্যপাতৰ আৰম্ভণিকে বুজাই। এই সময়ত ল’ৰা-ছোৱালীৰ কিছুমান বিশেষ পৰিবৰ্তন হয়। ল’ৰাৰ ক্ষেত্ৰত কান্ধ বহল হয়, নেলু (larynx) ডাঙৰ হৈ মাতৰ পৰিবৰ্তন হয়, দাড়ি ঠুঁটিয়াই, ডিঙি আৰু হাত ভৰিবোৰ দীঘল হয়, কিন্তু মূৰটো আৰু গাটো আপেক্ষিকভাবে কমকৈ ডাঙৰ হয়, ছালৰ ফুটাবোৰ ডাঙৰ হয়, শৰীৰৰ নানা প্ৰকাৰৰ মাংসগ্ৰন্থিবোৰ (gland) সক্রিয় হয়, মুখত শালমইনা উঠে। তাৰ ফলত ল’ৰাই সাধাৰণতে কিছু মানসিক আতংকত ভোগে। নিজকে বাৰে বাৰে আয়নাত চাব খোজে। মনৰ ভিতৰত ডাঙৰ হোৱাৰ উদ্বিগ্নতা, ডাঙৰ হৈ দায়িত্ব লোৱাৰ ভয় ওপজে।নিজৰ মনৰ ভিতৰতে সিহঁতৰ বিভিন্ন ভাবৰ জোৱাৰ উঠে। কেতিয়াবা শৈশৱৰ সৰল সোণালী দিনবোৰলৈ ঘুৰি যাব খোজে। সেয়ে কেতিয়াবা সিহঁতে শিশুৰ দৰে আচৰণ কৰে। কেতিয়াবা আকৌ নিজকে ডাঙৰ হোৱা যেন ভাবি বহুত গহীন- গপচ হৈ পৰে। আকৌ এই সময়তে সিহঁতে ভাবিব পৰা, যুক্তি দিব পৰা ক্ষমতা লাভ কৰে, কল্পনাশক্তিও প্ৰৱল হয়।ইচ্ছাৰ বিপৰীতে হোৱা যিকোনো কথা বা কামত ভীষণ জেদ ধৰা দেখা যায়। নিজৰ দৈহিক পৰিবৰ্তনৰ কাৰণে নিজকে চিনিবলৈ বা বুজিবলৈ অনুসন্ধিৎসু হৈ পৰে, সেয়ে কেতিয়াবা উদাসীন কেতিয়াবা চিন্তাক্লিষ্ট হৈ পৰা দেখা যায়। এইবোৰ কিছুমান কৈশোৰ মনোজগতৰ স্বাভাৱিক বৈশিষ্ট্য।কৈশোৰৰ মনোজগতৰ এই জটিল সময়চোৱাত তেওঁলোকে পিতৃ-মাতৃ, ককাই-ভাই, বাই-ভনীতকৈ কাণ-সমনীয়াৰ সতে থাকি বেছি ভাল পায়। বিশ্বস্ত বন্ধুৰ সতে থাকি
হাঁহি-কান্দোন, প্ৰয়োজন বিলাকৰ প্ৰতি সমবেদনা আৰু সহানুভূতিশীল হয়। বন্ধুৰ সহায়ত নিজকে চিনিবলৈ আৰু বুজিবলৈ সুবিধা পালে নিজৰ ভুল ধাৰণা শুদ্ধৰোৱাৰ সুবিধা পায়। এই বয়সত কাণ-সমনীয়াৰ লগেহে কিশোৰক সুস্থভাবে ডাঙৰ হোৱাত সহায় কৰে।কিন্তু বেছি অভিজ্ঞ, বয়সত ডাঙৰ কোনো কু-সংগত পৰিলে কোমলমতীয়া সকলৰ অভাৱনীয় ক্ষতি কৰিব পাৰে। কিন্তু, তাতো এটা কথা আহি পৰে।মুকলিকৈ খেলা-ধূলা, সভা-সমিতি, উৎসৱ-পাৰ্বণ আদিলৈ যোৱাৰ বাদে অন্য সময়ত গোপন কক্ষত বহুপৰ কান-সমনীয়াৰে থকাটোও অপকাৰী হয়। এইটো সময়ত ঘৰত, স্কুলত, বাহিৰত এক সুস্থ পৰিবেশৰ লগতে উচিত অনুচিতৰ এটা নিৰ্ধাৰিত সীমাৰেখা থাকিব লাগে।কাঢ়া শাসন নহয়, কিন্তু শাসনবিহীন মৰমো অপকাৰী হয়। বন্ধুত্বৰ ক্ষেত্ৰত বয়সৰ সংমিশ্রণেও কু-প্ৰভাৱ পেলায়। সলিংগ-সংগমীৰ জুলুমো বয়সৰ সংমিশ্রণৰে কু-প্ৰভাৱ। এই সম্পর্কে আমাৰ সমাজত চিন্তিত আলোচনা কম দেখা যায়। ১৬ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ লগত যিকোনো যৌনক্রিয়া আইনমতে দণ্ডনীয়। এনে যৌনক্রিয়াক যৌনজুলুম বুলি কোৱা হয়। আজি-কালি চেক্সচুৱেল হাৰাচ্ মেণ্ট আইন অতি বিশদ আৰু দণ্ডও অতি কঠোৰ। তথাপি নিলাজৰ দৰে একশ্রেণীৰ মানুহে এনে অপৰাধ কৰিয়েই আছে। সেয়ে ল’ৰা-ছোৱালীক এনে যৌন জুলুম কি আৰু কেনেকৈ সেইবোৰৰ প্ৰতিবাদ কৰিব লাগে তাৰ কিছু কিছু ধাৰণা দিয়া দৰকাৰ।অভিভাৱকে নিজৰ ল’ৰা-ছোৱালীক ডাঙৰে কেনেকৈ ফুচুলাব পাৰে কৈশোৰ কালত অলপ অলপকৈ শিকাব লাগে। পিতৃ-মাতৃয়ে একদম সিহঁতৰ বন্ধুৰ দৰে হৈ সিহঁতৰ সতে পাৰ কৰা সময়বোৰ সিহঁতৰ মতেই ৰসাল আৰু জীপাল কৰি ল’ব লাগে। পিতৃ-মাতৃয়ে নিজৰ বন্ধুমহলৰ সতে(নিজৰ ঘৰত) আনন্দ-ফুৰ্টি কৰিবলৈ লৈ কৈশোৰক কেতিয়াও-‘দেহা তুমি অলপ ভিতৰলৈ যোৱা-‘ৰ দৰে কথা ক’ব নালাগে। যিটো কথা বা কাম ল’ৰা-ছোৱালীৰ আগত কৰিব নোৱাৰি সেইটোৰ পৰা অভিভাৱকো আঁতৰি থকাই শ্ৰেয়। আমাৰ উপৰি পুৰুষে সন্তানক ব্ৰহ্মচৰ্য ব্ৰত পালন কৰাইছিল। কিন্তু বৰ্তমান এই এৰাল নোহোৱা যুগত সেইয়া সম্ভৱ নহয়। তথাপি তেওঁলোকৰ অভিজ্ঞতাৰ সৈতে খাপ খুৱাই, সংস্কৃতিৰ
সৈতে সামঞ্জস্য ৰাখি সুচিন্তিত যৌন শিক্ষা দিয়াৰ প্ৰয়োজনীয়তা আছে। আন এটা কথা সৰু ল’ৰা-ছোৱালীক বৰ্ডিং স্কুললৈ পঠোৱাৰ আগতে সেই স্কুলত যৌন জুলুমৰ বিপক্ষে কি ব্যৱস্থা আছে জানি লোৱাটো ভাল।কৈশোৰ প্ৰাপ্তিৰ সময়ত খাদ্যাভ্যাসৰো যথেষ্ট গুৰুত্ব আছে বাঢ়ন কালৰ খাদ্যত ফল-মূল, শাক-পাচলি, গাখীৰ আদিৰ পৰিমাণ বঢ়াই অধিক মচলাযুক্ত খাদ্য কমাই দিলে ভাল। সাত্বিক আহাৰে মন-মগজু শীতল কৰে। এই এৰাল নোহোৱা সমাজ ব্যৱস্থাত আমাৰ বৰ্তমান প্ৰজন্মক মানৱ-সম্পদ ৰূপে গঢ়িবলৈ লওতে অভিভাৱকৰ ওপৰত ভয়ানক গধুৰ দায়িত্ব আহি পৰিছে। প্ৰচাৰ মাধ্যমে শোষণৰ কাৰণেই যৌন আবেগক সদায় উচ্চ শিখৰত ৰাখি মুকলি প্ৰকাশ কৰে। আনহাতে দেশৰ এনে পৰিস্থিতিত শিক্ষা দানত কৈশোৰক স্মার্ট ফোন জৰুৰী হৈ পৰিছে। পঢ়া বাদ দি বহু কিশোৰে ইয়াৰ অসৎ ব্যৱহাৰ কৰাও পৰিলক্ষিত হৈছে।বিশেষকৈ চাকৰিয়াল মাতৃসকলৰ বাবে ই এক সমস্যা ৰূপে দেখা দিয়ে। সেই ক্ষেত্ৰত ল’ৰা-ছোৱালীৰ সন্মুখত কিছু কাঢ়া হোৱাটো প্ৰয়োজন বুলি ভাবো।সিহঁতক ভালকৈ বুজাই ক’ব লাগে যে সকলো বস্তুতে ভাল-বেয়া দুটা দিশ থাকিবই। স্মার্ট ফোনটোতো শিক্ষা ,সৌন্দৰ্যৰ লগতে কিছুমান চাব নলগীয়া কথাও থাকিব। মৌ-মাখিৰ দৰে সদায় ভাল খিনি বিচাৰিলে জীৱনটো ভালৰ পৰা ভাললৈ যাব আৰু বেয়াখিনি খুচৰি বিচাৰিলে অধ:পতন হ’ব। কাৰণ সন্তানক মানুহ কৰিবলৈ হ’লে মৰমৰ মাজতে শাসন কৰিবই লাগিব। সময়-সাপেক্ষে অলপ কঠোৰ হ’বও লাগিব। বৰ্তমান এই জটিল যুগত আমি চলে-বলে হলেও সন্তানক এটা সংস্কৃত, শক্তিশালী মন দিব পাৰিব লাগিব, যিটো মনে সদায় ভাল চোৱা, ভাল শিকাৰ প্ৰতিহে আগ্ৰহী হয়।প্ৰয়োজন সাপেক্ষে মুকলিকৈ বুজাই ক’ব লাগে যে মন আৰু শৰীৰত ভাল লগা কিছুমান কামৰ পৰিণতি বহুত ক্ষতিকাৰক হ’ব পাৰে ভৱিষ্যতে মানুহৰ জীৱনত।
কৌশল্যা বৰা
দেৰগাঁও