অনলাইন বাৰ্ত্তাসেৱা- ধিঙৰ বিধায়কৰ আমিনুল ইছলামে বিস্ফোৰক অভিযোগ আনিছে অখিল গগৈৰ বিৰুদ্ধে। ইছলামে কয় যে, যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে ১০ কোটি দাবী কৰিছিল AIUDFক। আৰু সেই ধন আদায় নিদিয়াৰ বাবেই এ আই ইউ ডি এফৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে অখিল গগৈয়ে। ইয়াৰ পিছতে অখিল গগৈৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ পৰে AIUDFৰ বিধায়ক আমিনুল ইছলাম। যোৱা সোমবাৰে ইছলামে অখিল গগৈক বিজেপিৰ এজেন্ট বুলিও কৈছিল। by utpal kalita
যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে ১০ কোটি দাবী কৰিছিল AIUDFক — বিধায়ক আমিনুল ইছলাম
