যোৰাবাটত ১৫ কোটি টকা মূল্যৰ গাঞ্জা জব্দ

যোৰাবাটত ১৫ কোটি টকা মূল্যৰ গাঞ্জা জব্দ

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৰাবাট আৰক্ষীৰ বৃহৎ সফলতা। যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু যোৰাবাট আৰক্ষীৰ নেতৃত্বত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা। মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী HR 38T 2913 নাম্বাৰৰ ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। ট্ৰাকত আদাৰ মাজত অতি কৌশলেৰে সৰবৰাহ কৰা হৈছিল গাঞ্জাখিনি। আটক কৰা হৈছে ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক। জব্দ কৰা গাঞ্জা খিনিৰ ওজন ২৫০০ কেজি৷ গাঞ্জাখিনিৰ মূল্য ১৫ কোটি টকা হ’ব বুলি সদৰি কৰিছে আৰক্ষীয়ে।