যোগ আৰু আয়ুৰ্বেদিক চিকিৎসাৰ জৰিয়তে সুস্বাস্থ্য ৰক্ষাৰ বাবে সজাগতা

যোগ আৰু আয়ুৰ্বেদিক চিকিৎসাৰ জৰিয়তে সুস্বাস্থ্য ৰক্ষাৰ বাবে সজাগতা

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- যোগ সঞ্জীৱনীৰ জৰিয়তে সুস্বাস্থ্য ৰক্ষাৰ উদ্দেশ্যে  যোগ গুৰুকুল অসমে অসম ৰাজ্যিক চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগম পৰিসীমিতৰ সহযোগত গুৱাহাটীৰ পাঞ্জাৱাৰীস্থিত অসম ৰাজ্যিক চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগম পৰিসীমিতৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সজাগতা সভাৰ আয়োজন কৰে৷ অনুষ্ঠানত শাৰিৰীক তথা মানসিক স্বাস্থ্যৰ সঠিক যতনৰ দ্বাৰা সুন্দৰ জীৱনশৈলীৰ বাবে যোগাভ্যাসৰ প্ৰয়োজনীয়তা সম্পৰ্কে অবগত কৰি যোগ গুৰুকুল অসমৰ কৰ্মকৰ্তাসকলে বহুকেইটা প্ৰাথমিক যোগ আৰু প্ৰাণায়মৰ অভ্যাস কৰোৱায়৷ লগতে আয়ুৰ্বেদিক চিকিৎসক ডাঙ্ম জয়ন্ত বৰ্মনে ঔষধি গুণসম্পন্ন উদ্ভিদৰ ব্যৱহাৰ কৰি ঘৰতে ৰোগ নিৰাময় কৰাৰ বাবে ঔষধি গুণসম্পন্ন উদ্ভিদ সম্পৰ্কে আলোচনা কৰে আৰু পাশ্বৰ্ক্ৰিয়াহীন আয়ুৰ্বেদিক চিকিৎসা অবলম্বন কৰিবলৈ আহ৩ান জনায়৷ সভাত অসম ৰাজ্যিক চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগম পৰিসীমিতৰ অধ্যক্ষ সীমান্ত শেখৰে অংশগ্ৰহণ কৰি সকলোকে যোগ্যভ্যাস গঢ়ি তুলি সুস্বাস্থ্যৰ গৰাকী হ’বলৈ আহ্বান জনায়৷ ডা০ হিমাংশু বুজৰবৰুৱাই আঁত ধৰা এই সজাগতা সভাত যোগ গুৰুকুলৰ উপদেষ্টা তথা বি. বৰুৱা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক মনোজ কুমাৰ দাস, আয়ুৰ্বেদিক চিকিৎসক ডাঙ্ম দিপাংকৰ সাহা, যোগ শিক্ষক মৃত্যুঞ্জয় ৰজক, চলচ্ছিত্ৰ পৰিচালক চন্দ্ৰ মুদৈ, বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাকে প্ৰমুখ্য কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সজাগতা সভাখনৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক কৰ্মীসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰো ব্যৱস্থা কৰে৷