যুৱ-সমাজ, সংক্ষেপে কিছু চিন্তা -কৌশল্যা বৰা

pc Dreamestime

#যুৱ-সমাজ, সংক্ষেপে কিছু চিন্তা#

-কৌশল্যা বৰা,
দেৰগাঁও

১৩/১৪ বছৰৰ পৰা প্ৰায় ৩০ বছৰৰ অনুৰ্দ্ধ, অবিবাহিত যুৱক -যুৱতীৰে গঠিত হয় যুৱ-সমাজ। যুৱ সমাজক এখন দেশৰ সামগ্রিক উন্নয়নৰ চালিকা শক্তি বুলিব পাৰি। আজিৰ শিশু বা যুৱক কাইলৈৰ দেশৰ গুৰি ধৰোঁতা। গতিকে যুৱ সমাজৰ পূৰ্ণাঙ্গ উন্নতিয়ে এটা জাতিৰ বা এখন দেশৰ উন্নতিক প্ৰকাশ কৰিব। দেশৰ সুস্থ যুৱ মানসিকতাৰ অবিহনে কোনো দেশৰে পূৰ্ণাংগ উন্নতি অসম্ভৱ। সুন্দৰ যুৱ মানসিকতাইহে আমাক সুন্দৰ আৰু সুখকৰ জীৱনৰ গতিপথ দেখুৱাইছে। কিন্তু, পৰিবেশ, পৰিস্থিতিৰ প্ৰতিকূলতাত যুৱ সমাজৰ (কম সংখ্যক) এচামে আত্ম নিয়ন্ত্রণ হেৰুৱাই অবাটে গুছি নোযোৱা নহয়। যাৰ বাবে বৰ্তমান সমাজৰ যুৱ-মানসত কিছু কেৰোণ লাগিছে। অপ্ৰিয় হ’লেও সত্য যে কোনো সন্তানেই উদণ্ড মানসিকতাক নিজে বাচি নলয়। পৰিয়াল, সমাজ, দেশৰ পাৰিপাৰ্শ্বিক অৱস্থাই এই ক্ষেত্ৰত জগৰীয়া।একক পৰিয়ালৰ সীমাবদ্ধতাৰ মাজত শিশুৱে শৈশৱৰ পৰা যৌৱনৰ দুৱাৰ দলিত ভৰি দিয়ালৈকে যি শিক্ষা গ্ৰহণ কৰে সেইখিনিৰ ওপৰতে ভৱিষ্যত জীৱনটোৱে গতি লয়। কথাতে কয় ‘বাপেক চাই পুতেক’, ‘মাক চাই জীয়েক’ -বুলি।সুবিধা সৰ্বস্ব আৰু ভোগ-সৰ্বস্ব জীৱন আৰু অভিভাৱকৰ অনুশাসনহীনতা, প্ৰতি কাম, কথাতে প্ৰতিযোগিতা,অন্যৰ প্ৰতি ইৰ্ষামূলক মনোভাৱে আমাৰ সমাজখনক প্ৰদৰ্শনী মূলক ভাৱেহে শুৱনি কৰি ৰাখিছে। ভিতৰি কিন্তু তেনেই ফোপোলা।আনৰ সুখত সুখী, আনৰ দুখত দুখী হ’ব পৰা মানসিক অৱস্থাটো যেন প্ৰকৃতাৰ্থত হেৰাই গৈছে। এনেদৰে সহৃদয়তাৰ অভাৱৰ প্ৰভাৱ আমাৰ যুৱ-মানসিকতাৰ ওপৰতো পৰিছে। ভোগ-সৰ্বস্ব সমাজত

যুৱ-সমাজ বহুক্ষেত্ৰত অনুশাসনহীনতাত ভোগীছে। কোনেও কাৰো ওচৰত হাত নপতাকৈ চলিব পৰা সুবিধাৰ বাবে আন্তৰিকতা কিছু হ্ৰাস পাইছে। অতীতত আমাৰ সমাজত কিছুমান সৰু-সুৰা অভাৱে আন্তৰিকতা ধৰি ৰাখিছিলে। আদান-প্ৰদানে সমাজৰ বান্ধ সুদৃঢ় কৰে, মিলা-প্ৰীতিও বঢ়াই। শ্ৰদ্ধা, ভয়, ভক্তিৰো সৃষ্টি কৰে।সেইবুলি আমি কোনো কাৰণতেই অতীতলৈ ঘুৰি যাব নোৱাৰো বা নাযাও, কিন্তু উৎসৱে-পাৰ্ৱণে, বিপদে-আপদে আমাৰ উত্তৰ পুৰুষক চুবুৰীয়া সমাজৰ সতে মিলা-মিচা কৰাৰ পথ দেখুৱাব লাগে। যুৱ-সমাজৰ অনুশাসনৰ দিশত পৰিয়ালৰ উপৰিও আত্মীয় স্বজন, চুবুৰীয়া সমাজৰো কৰণীয় থাকে। সাম্প্রতিক সমাজ ব্যৱস্থাত যৌথ পৰিয়াল বাদেই আনকি কল’নিয়েল লাইফত ওচৰ- চুবুৰীয়াকৈ থকা সকলৰো ভিন্ন সৌৰজগতৰ বাসিন্দাৰ নিচিনাহে সম্পর্ক।বৰ্তমান আমাৰ অৰ্থ-সম্পত্তিৰ তুলনাত মনবোৰ সিমান উদাৰ নহয়। অতীতত ল’ৰা-ছোৱালীৱে চুবুৰীৰ পৰাও অভিভাৱকৰ সমানেই মৰম , উৎসাহ আৰু অনুশাসন পাইছিল। যাৰবাবে চুবুৰীৰ মানুহকো ল’ৰা-ছোৱালীৱে সমীহ কৰি চলিছিল। গতিকে নকৰিবলগীয়া কিবা এটা কৰিবলৈ সাহস নকৰিছিল। জ্ঞান অৰ্জনৰ দিশত চুবুৰী, সমাজ, আত্মীয়ৰ পৰাও সহায় পাইছিল।কিন্তু বৰ্তমান জ্ঞানবৰ্দ্ধক, উপযুক্ত শিক্ষা নিৰ্ধাৰণ কৰি শিশুক আগবঢ়াই নিয়াটো অভিভাৱকৰ একান্ত ব্যক্তিগত বিষয় হৈ পৰিল ।আমি আনৰ উন্নতিত প্ৰদৰ্শনীমূলকভাৱে শুভেচ্ছা দিওঁ, কমেন্ট কৰোঁ, কিন্তু সদায় ব্যক্তিগত সুখ আৰু লাভৰ বাবেহে চিন্তাত মজি থাকোঁ। অনুশাসনহীনতাই কৈশোৰক উশৃঙ্খল জীৱনৰ বাট দেখুৱাই। অগ্ৰজসকলে যুৱ-প্ৰজন্মক সঠিক দিগ্ দৰ্শন কৰাব নোৱাৰিলে সময়ত যুৱ- উশৃঙ্খলতাই সকলো জেগাতে খোপনি পুতিব, তেতিয়া আমি যুৱ-প্ৰজন্মক দোষাৰোপ কৰিলে নহ’ব। প্ৰাথমিক শিক্ষা পৰ্যায়ৰ পৰা নিয়মানুবর্তিতা, অনুশাসন, সংযম, যোগৰ অভ্যাস কৰাৰ কৌশল শিকাব লাগিব। বিশেষকৈ ভোগবাদী চিন্তাধাৰাৰ বিপৰীতে আধ্যাত্মিক শিক্ষাৰ ব্যৱস্থা কৰিলে যুৱক সমাজত সু-শৃংখলিত আদৰ্শ গঢ়ি উঠিব। কৈশোৰকালত যৌৱনৰ বা -লগা সময়ত নিজকে সৎৰূপে গঢ়িব পাৰিব। আধ্যাত্মিক মূল্যবোধসম্পন্ন যুৱক-যুৱতীয়ে সমাজৰ অগ্ৰজ তথা মান্যৱন্ত লোকৰ প্ৰতি শ্ৰদ্ধা, ভক্তি, সন্মান প্ৰদৰ্শন কৰিবলৈ হয়তো নাপাহৰিব।কেৱল পুথিগত পাঠ্যক্রমে দিয়া প্ৰমাণ পত্ৰই যুৱক-যুৱতীৰ কৰ্মসংস্থানৰ বাবে যথোপযুক্ত নহয়। প্ৰতিযোগিতামূলক পৰীক্ষাৰ উপযোগীকৈ পাঠ্যক্রম প্ৰস্তুত নোহোৱাৰ বাবেও নিবনুৱা সৃষ্টি হৈ বহু যুৱক যুৱতী বাট এৰি অবাটে নোযোৱা নহয়। তাৰোপৰি নিচাযুক্ত দ্ৰৱ্য- মদ, ভাং, ড্ৰাগছ, কানি, ব্ৰাউন চুগাৰ, হিৰোইন আদি সমাজৰ বৰবিহ। এনে বৰবিহৰ পৰা সমাজক সম্পূর্ণ ৰূপে আঁতৰাই ৰাখিব নোৱাৰিলে সমাজৰ অশৃঙ্খলতা কেতিয়াও নোহোৱা কৰিব নোৱাৰে। চৰকাৰী পক্ষৰ বাবে ই প্ৰধান কৰ্তব্য।

মুক্ত অৰ্থনীতি আৰু গোলকীকৰণৰ বাবে যধে-মধে পশ্চিমীয়া সংস্কৃতিয়ে গাওঁ-ভূঁই, নগৰ-চহৰ গ্ৰাস কৰি পেলালে।এটা জাতিক আগবঢ়াই নিবলৈ হ’লে সেই জাতিৰ ভাষা, সাহিত্য, সংস্কৃতি সকলো আগবঢ়াই নিব পাৰিব লাগিব। পৰিৱেশক বা পৰিস্থিতিক দোহাই দি পাশ্চাত্যৰ জীৱ -নাদর্শক আমি অভিভাৱক সকলেই যদি আকোঁৱালি লও, তাৰপাছত যুৱ

-সমাজক দোষাৰোপ কৰাটো অন্যায় হ’ব। নাৰীৰ অশালীন সাজ-পোছাক পৰিধান, যৌনগন্ধী চিনেমা,অশালীন ভি. ডি. অ. আদিও যুৱ-উশৃঙ্খলতাৰ আওপকীয়া প্ৰভাৱ। হত্যা, ধৰ্ষণ, বলাৎকাৰৰ বাতৰি আৰু সেইবোৰৰ পৰিঘটনাৰ বৰ্ণনাৰ সঘন প্ৰকাশে প্ৰকৃততে কিশোৰ-কিশোৰীক নজনাখিনিকো জানিবলৈহে দিয়া হয়। সুন্দৰ মানৱ সভ্যতা, সুন্দৰ মানৱ সমাজ। ইয়াত নিতৌ ন ন সজ কথা, জ্ঞানবৰ্দ্ধক বিষয়বস্তু, মহা মহা পুৰুষৰ যশ-গৰিমাৰে ভৰি আছে। কত যুৱক-যুৱতীয়ে জীৱনৰ বিভিন্ন দুখ-কষ্টক প্ৰত্যাহ্বান জনাই বিশ্ব –

ইতিহাসত নিজৰ নাম উজ্জ্বলাই ৰাখিছে, সেইসকলৰ প্ৰচাৰ-প্ৰকাশেহে নতুন প্ৰজন্মক আগবাঢ়ি যোৱাত উৎসাহ যোগায়। যুৱ-সমাজক সঠিক দিগ্ দৰ্শন কৰাত সাংবাদিক সমাজৰো দায়িত্ব আৰু কৰ্তব্য আছে বুলি আমাৰ বিশ্বাস হয়।

আধ্যাত্মিকতাসম্পন্ন, সুস্থ, নিকা পৰিয়াল, পৰিৱেশ দি সৰুৰে পৰাই কৰ্ম-

সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰি আমি আমাৰ ভৱিষ্যত সমাজৰ প্ৰহৰী যুৱ-শক্তিক সঠিক দিশেৰে আগবঢ়াই নিলেহে এখন সুৰুচিপূৰ্ণ সুখেভৰা সমাজত হাঁহিমুখে বাস কৰিব পাৰিম।