যি কথা কোৱা হোৱা নাই
বিনীতা মেচ, ডিব্ৰুগড়
ইমান ব্যস্ত নে ?
এইবুলি সুধিবলৈ যাওঁতে
দুৱাৰ খন খুলি চাই দেখোঁ
ক’ত মোৰ ৰঙীন সপোন ?
মকৰাই দেখোন জাল বান্ধিছে,
সপোনৰ কোঠাটোৰ
বৰণ সলনি হৈছে, চূণ-তেল খহি গ’ল
শৰীৰটো বহুদিন আগতেই ভাগৰি পৰিছে
নিস্তব্ধতাৰ আৱৰণ ফালি ওলাই আহিব পৰা কৈ
সি সক্ষম হৈ থকা নাই
আগলৈ খোজ দিব পৰা নাই
মুঠতে সি ভালে থকা নাই
ইমান দিনে খবৰ লোৱা নাই
সি অভিমান কৰে।
সেই যে কোঠাতো,
সপোনৰ…
তাত এক আচৰিত গোন্ধ
বোধহয় কোনোৱে তাত আত্মহত্যা কৰিছে।
সি কোৱাত
কেৱল ঘাই শিপাডাল হে জীয়াই আছে
তাকো ৰ’দে চেপি মাৰিছে
মই একো অজুহাত দেখুৱাব নোৱাৰিলোঁ
আজুৰি আনি সাৱটি ধৰিলোঁ,
আকৌ প্ৰতিশ্ৰুতি দি পেলালোঁ
সপোন ৰঙীন কৰাৰ।।