যাদৱ পায়েঙে শিল্পগ্ৰামত গছপুলি ৰোপণ
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যেত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ, ডিমাপুৰৰ উদ্যোগত আয়োজিত সেউজীয়া সপ্তাহৰ অংশস্বৰূপে এক পৰিৱেশিক পৰামৰ্শ আৰু বনানীকৰণ কাৰ্যসূচীত ‘ভাৰতৰ অৰণ্য মানৱ’ আন্তৰ্জাতিক খ্যাতিসম্পন্ন প্ৰকৃতি কৰ্মী পদ্মশ্ৰী ড° যাদৱ ‘মোলাই’ পায়েঙে আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰাম চৌহদত পদাৰ্পণ কৰে। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি এনইজেদচিচিৰ সঞ্চালক ডা° প্ৰসন্ন গগৈ আৰু বিশিষ্ট মুকাভিনয় শিল্পী, সংগীত নাটক একাডেমী বঁটা প্ৰাপক মইনুল হকৰ সৈতে এটি ফলৰ গছপুলি ৰোপণ কৰে। উল্লেখ্য যে, সঞ্চালক ডা° গগৈয়ে ড০ পায়েঙক এনইজেদচিচিৰ তৰফৰ পৰা উষ্ম আদৰণি আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত শিল্পগ্ৰামৰ কৰ্মচাৰী, শিল্পকাৰ সকলৰ সৈতেও ‘অৰণ্য মানৱ’ ড০ পায়েঙে পৰিৱেশিক সজাগতামূলক বাৰ্তা আৰু মত বিনিময় কৰি সকলো জনসাধাৰণকেই এই মহান বিশ্বব্যাপী সেউজীকৰণ অভিযানত হাত উজান দিবলৈ অনুৰোধ জনায়।