যাত্ৰীসকলৰ কিছুমান মৃতদেহ চিনাক্তকৰণৰ বাহিৰত: নেপালৰ বিষয়া
ৰঙিলী বাৰ্ত্তাসেৱা- দেওবাৰে ২২ জন লোকৰ সৈতে সন্ধানহীন হোৱা নেপালৰ তাৰা এয়াৰ বিমানৰ ধ্বংসাৱশেষ মুস্তাং জিলাত অৱস্থিত আছিল। ৰাতিপুৱা পুনৰ অনুসন্ধান আৰু উদ্ধাৰ প্ৰচেষ্টা আৰম্ভ হোৱাৰ পিছত পাহাৰৰ কাষত দুৰ্ঘটনাগ্ৰস্ত হোৱা এখন বিমানৰ ধ্বংসাৱশেষৰ পৰা এতিয়ালৈকে ১৪ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। “এতিয়ালৈকে চৌদ্দটা মৃতদেহ উদ্ধাৰ কৰা হৈছে, বাকীবোৰৰ সন্ধান অব্যাহত আছে। বতৰটো বৰ বেয়া কিন্তু আমি এটা দলক দুৰ্ঘটনাস্থলীলৈ লৈ যাবলৈ সক্ষম হৈছিলো।” মুস্তাঙৰ মুখ্য জিলা বিষয়া নেত্ৰ প্ৰসাদ শৰ্মাই কয়, “যাত্ৰীসকলৰ কিছুমান মৃতদেহ চিনাক্তকৰাৰ বাহিৰত। আৰক্ষীয়ে অৱশিষ্টখিনি সংগ্ৰহ কৰি আছে।” লক্ষণীয়ভাৱে, বিমানখনত চাৰিজনভাৰতীয়ৰ এটা পৰিয়ালো আছিল।