য’ত অঘৰী মানুহৰ ঠিকনা নাই-গৌৰৱ বৰুৱা

pc-indiatoday

কবিতাৰ নাম ঃ য’ত অঘৰী মানুহৰ ঠিকনা নাই
কবি ঃ গৌৰৱ বৰুৱা
তাং ঃ ৩১/০১/২০২১

য’ত অঘৰী মানুহৰ ঠিকনা নাই
তাত মোৰ ঠিকনাই ঠাই সলায়
এঙামুৰি এটি সন্ধিয়াৰ
জিলমিল জোনাকৰ আৱেশেৰে
চিকিমিকি বাটচ’ৰাটোত বহি
কিছু জিৰণি লোৱা সময়তে
অপৰিচিত হৃদয় এখনে
সপোনৰ দোলাত উঠি ,
মোৰ বুকুৰ একুৰিয়ামত
তৰাফুলীয়া মাছৰ উজান উঠা চাবলৈ
হেতা ওপৰা লগায় ৷
একুৱাৰিয়ামৰ ভিতৰচ’ৰাত
প্ৰেমৰ উৎসৱ পাতে
তৰাফুলীয়া মাছৰ জাকটোৱে ৷
যাযাৱৰী সত্বাবোৰে আৱেগৰ ধৌ বোৱাই
কবিতা ৰচে ভালপোৱাৰ ৷
য’ত অঘৰী মানুহৰ ঠিকনা হেৰায়
তাতেই মোৰ ঠিকনাই কলিজা তৰায় ৷
শত অশ্ৰুৰ সাগৰত
এসাগৰ নীলাৰ উন্মাদনা হবলৈ
বুকুৰ সেউজীয়া বিলাকৰ আঁৰে আঁৰে
কলিজাখনে বৈৰাগী ব্ৰত এৰি
ৰঙীন সপোনবোৰৰ স্নেহালয় সাজি
এপলক বাগৰ সলায় !
আৰু দুৰৈৰ ক’ৰবাত অঘৰী প্ৰেমৰ
বোৱতী নদীখনৰ বুকুত
মোৰ সৰিয়হ ফুলীয়া হৃদয়খনে
এযোৰ যুৰীয়া মাছ হৈ
সাঁতুৰি ফুৰে
কোনোবা অচিনাকি সত্বাৰ বুকুৰ
এমুঠি সঁচা ফচল হোৱাৰ তাড়নাত ৷৷