মৰিগাঁওৰ ৰাষ্ট্ৰীয় ঘাইপথত অকৰ্তৃত্বশীলভাৱে যান-বাহন ৰখোৱাত নিষেধাজ্ঞা 

Pc Scroll.in

মৰিগাঁওৰ ৰাষ্ট্ৰীয় ঘাইপথত অকৰ্তৃত্বশীলভাৱে যান-বাহন ৰখোৱাত নিষেধাজ্ঞা 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  জাগীৰোড নগৰৰ ৭১৫ (এ) নং ৰাষ্ট্ৰীয় ঘাই পথত অকৰ্তৃত্বশীলভাৱে যান বাহন ৰখোৱাৰ ফলত ভয়াবহ যান-জঁট সমস্যা উদ্ভব হোৱাৰ লগতে যিকোনো মুহূর্ততে দুর্ঘটনা সংঘটিত হোৱাৰ তীব্ৰ আশংকা প্ৰকট হৈ পৰিছে। ইয়াৰ ফলস্বৰূপে মানৱ জীৱন আৰু সম্পত্তি হানি হোৱাৰ উপৰি আইন শৃখংলাজনিত পৰিস্থিতিৰো সৃষ্টি হোৱাৰ প্ৰৱল সম্ভাৱনা আছে । ইয়াৰ ক্ষীপ্ৰ সমাধান কৰি এনে আশংকা দূৰ কৰাৰ উদ্দেশ্য মৰিগাঁও জিলা দণ্ডাধীশে চি.আৰ.পি.চি.ৰ ১৪৪ ধাৰাৰ অধীনত মৰিগাঁও জিলাৰ অধীনস্থ ৰাষ্ট্ৰীয় ঘাইপথ ২৭ আৰু ৭১৫(এ)ত অকৰ্তৃত্বশীলভাৱে যান-বাহন ৰখোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰিছে । যোৱা ১২ জুনত অনুষ্ঠিত মৰিগাঁও জিলা পথ সুৰক্ষাৰ সভাত গৃহীত সিদ্ধান্ত মৰ্মে এই নিৰ্দেশ জাৰি কৰা হৈছে । এই আদেশ শীঘ্ৰে বলবৎ হ’ব আৰু পৰবৰ্তী আদেশ নিদিয়া পর্যন্ত বাহাল থাকিব ।