মৰা ভৰলু পাৰত ‘ছেভ ভৰলু’ৰ চাফাই অভিযান

মৰা ভৰলু পাৰত ‘ছেভ ভৰলু’ৰ চাফাই অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা-  মুমূর্ষু বাহিনী- ভৰলুক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে গঢ় লৈ উঠা সামাজিক ভাবে দায়বদ্ধ নাগৰিকৰ সংস্থা ‘ছেভ ভৰলু (ভৰলু বচাওঁ) অভিযানে দেওবাৰে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ পশ্চিমে ধীৰেনপাৰাত এক গুৰুত্বপূর্ণ কাৰ্যসূচী সম্পাদন কৰে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ সহযোগত। পুৱা ৬.৩০ বজাত সংস্থাৰ সভাপতি ডাঃ ৰবীন মজুমদাৰে শুভাৰম্ভ কৰা এই চাফাই অভিযানত ছেভ ভৰলুৰ সাধাৰণ সম্পাদক অমিয় কুমাৰ ডেকা, যুটীয়া সম্পাদক আশীস দাস, কার্যবাহী সদস্য নব প্রসাদ শর্মা, উপদেষ্টা কমল গোস্বামী, সদস্য ধ্রুবজ্যোতি শইকীয়া, জ্যোতি দাস, ডঃ ৰাজেন মেধি, সত্য ৰঞ্জন বৰুৱা, অখিল গোস্বামী, বিকাশ তালুকদাৰৰ উপৰি গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘা নিধি ডাহাল, যুটীয়া আয়ুক্ত পংকজ চক্রবর্তী, অভিযন্তা সীমান্ত বৰুৱা, ২৩, ২৫ আৰু ২৬ নং ৱাৰ্ডৰ পাৰিষদ ক্রমে মঞ্জিতা দৈমাৰী, মঞ্জুলা ৰাভা আৰু ৰাণা “চেতিয়া, স্বেচ্ছাসেৱী সংস্থাৰ সদস্যা, প্ৰাগজ্যোতিষ কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় বাসিন্দাই অংশ লয়। সভাপতি ডাঃ মজুমদাৰে বাসিন্দা সকলক নিজৰ ঘৰ চোতাল পৰিষ্কাৰ কৈ ৰখাৰ দৰে নিজৰ চাৰিওফালৰ পৰিৱেশো পৰিষ্কাৰ কৈ ৰাখিবলৈ আহ্বান জনায় তেওঁ লগতে কয় যে তাৰ বাবে নিজৰ ঘৰখন আৰু পৰিয়ালক ভাল পোৱাৰ দৰে নিজৰ চুবুৰী, নিজৰ অঞ্চল, বাস কৰা এই গুৱাহাটী আৰু সন্মুখেৰে বৈ যোৱা ভৰলুক নিজৰ বুলি প্ৰথমতে ভাবিবলৈ আৰু ভাল পাবলৈ শিকিব লাগিব, তেতিয়াহে নাগৰিক আৰু মহানগৰ কর্তৃপক্ষই একেলগে কাম কৰি ভৰলুক পুনৰুজ্জীৱিত কৰা আৰু এখন পৰিষ্কাৰ, সুন্দৰ গুৱাহাটী পোৱা সম্ভৱ হ’ব। পৌৰ নিগমৰ আয়ুক্তগৰাকীয়েও ভৰলুক পুনর্জীৱিত কৰা আৰু গুৱাহাটী পৰিষ্কাৰ কৰি ৰখাত নিজৰ দায়িত্ব সম্পৰ্কে ৰাইজক সজাগ হ’বলৈ আহ্বান জনাই নিগমৰ কামত সহযোগ কৰিবলৈ কয়, লগতে নিয়মিতভাৱে জাবৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা উন্নত কৰাৰো আশ্বাস দিয়ে। তিনিও গৰাকী পাৰিষদ আৰু নিগমৰ অভিযন্তাজনে একেদৰে ভৰলুত জাৱৰ নেপেলাবলৈ আৰু পৰিৱেশ চাফা কৰি ৰাখিবলৈ ৰাইজলৈ আহ্বান জনাই দুষাৰ কয়। উল্লেখ্য, ছেভ ভৰলুয়ে বিগত সময়ত মহানগৰবাসীক ভৰলু-বাহিনীৰ পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে পদযাত্রা, শিক্ষার্থী সজাগতা অনুষ্ঠান, তর্ক প্রতিযোগিতা, কুইজ প্রতিযোগিতা আদি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।