মৌমিতা দেৱনাথৰ ন্যায় প্ৰদানৰ দাবীত গুৱাহাটীৰ বিভিন্ন স্থানত এবিভিপিৰ প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিমবঙ্গৰ আৰ জে কৰ মেডিকেল কলেজৰ ছাত্ৰী মৌমিতা দেৱনাথৰ ধৰ্ষণৰ ঘটনাই সমগ্ৰ দেশতেই চাঞ্চাল্যৰ সৃষ্টি কৰি থকাৰ সময়তেই আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত গুৱাহাটীৰ মহানগৰীৰ মালিগাঁও, আৰ্য নগৰ, ডাউন টাউন বিশ্ববিদ্যালয় সমীপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। বিশেষকৈ বাৰম্বাৰ পশ্চিমবঙ্গত হৈ থকা এনেবোৰ অপৰাধ মূলক কাৰ্য্যই প্ৰদেশ খনত নাৰী সূৰক্ষাৰ ফোঁপোলা স্বৰূপটো পুনৰ এবাৰ দেশবাসীৰ আগত দাঙি ধৰিলে।আজি গুৱাহাটী মহানগৰীৰ এবিভিপিৰ কাৰ্যকৰ্তা সকলে মৌমিতা দেৱনাথৰ ন্যায় প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় আৰু ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা পুনৰ বাৰ যাতে সংঘটিত নহয় তাৰ বাবে দাবী উত্থাপন কৰে।প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদকৰ হেৰল্ড মহনে সমগ্ৰ ঘটনাটোক তীব্ৰভাৱে গৰিহণা দি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাই আৰু লগতে পশ্চিম বংগৰ চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰে। লগতে তেওঁ এই ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি মমতা বেনাৰ্জীক অতিশীঘ্ৰে পদত্যাগ কৰিবলৈ দাবী জনায়।