মোৰ প্ৰিয় ঋতু শৰৎ – ৰুমী কলিতা দত্ত

 মোৰ প্ৰিয় ঋতু শৰৎ
ৰুমী কলিতা দত্ত, ডিব্ৰুগড়
শেৱালিৰ সুবাস সানি লৈ প্ৰতিবছৰে
হেঁপাহৰ শৰৎ নামি আহে,
স্নিগ্ধ জোনাক ৰাতিবোৰত
শেৱালিফুলক মৰম যাচে বতাহে ।
ৰবাব টেঙাবোৰৰ ফুৰফুৰীয়া গোন্ধে
মনবোৰক হাঁহিবলৈ শিকাই দিয়ে,
উশাহবোৰ দীঘল হয়,এমুঠি জোনাক সৰে
নিয়ৰবোৰে মৰম যাচিলে আৰু দূবৰিয়ে হাঁহিলে।
এটি সন্ধিয়া জোনাকত বন্দী হৈ
জোনাকীবোৰ জাক পাতি উৰে,
কঁহুৱাবোৰ বৰ আলসুৱা
ইন্দ্ৰমালতীজোপাই সৃষ্টিৰ সপোন ৰচে।
আলফুলকৈ নামি আহে বৰষুণজাক
মন আকাশৰ প্ৰেমিক হৈ,
শ্যামলী শস্যৰ সোণসেৰীয়া হাঁহি লৈ
আহিনে কিৰিলি পাৰে ।
প্ৰেম-বাসনাৰ মেটমৰা সম্ভাৰে জীপাল কৰে
জোনাকৰ জলঙাৰে দেখা নিশাটোক,
নিৰৱে ঘূৰি ফুৰে অসীমৰ পৰা সসীমলৈ
এটি অচিনাকি বাঁহীৰ সুৰ ।