মোৰ পদূলিত ফুলিলে তগৰ ফুল – ছেলিমা বেগম

PC - Britannica
মোৰ পদূলিত ফুলিলে তগৰ ফুল
ছেলিমা বেগম, নগাঁও
মোৰ পদূলিত ফুলিলে তগৰ ফুল,
নিশাটো তাতে আছিলোঁ আহঃ !
কিমান ভাল লাগিল সন্ধিয়া সময় খিনি
জোনবাই মাতি আছে হাত বাউলী
তগৰ ফুলবোৰ লুকাই আছে পাতৰ আঁৰত
তৰা বোৰে চাই আছে জুমি জুমি।
কি যানি গোপনে কিবা কথা পাতিব
মই কাণ পাতি আছোঁ শুনিবলৈ
ক’লা-বগা ডাৱৰ আহি লাজৰ
ওৰণী টানি দিলে সেই মূহুৰ্তত
তগৰৰ ৰাগিনি মন মোৰ মুগ্ধ।
সন্ধিয়া সময় খিনি প্ৰাকৃতিৰ লগত
প্ৰেমত পৰিলোঁ বহাগৰ এটি সন্ধিয়াত।
প্ৰাকৃতিৰ সৌন্দৰ্য মোক বলিয়া কৰে
তগৰৰ ৰাগিনি মন মোৰ মতলীয়া।
সেই ফুলৰ সুগন্ধি মন মোৰ উৰণীয়া
ৰাতিৰ মধুৰ জোনাক কি যে মনোমোহা
তাতেই আকৌ ফুলিলে তগৰ ফুল।
কি নামেৰে মাতিম তগৰ নে গন্ধৰাজ
যি কি নহওঁক কিয় মই যে তোমাৰ
প্ৰেমত হাবুডুবু খাই থাকোঁ।