মোৰ কাৰণে যেন কোনেও দুখ নাপায়, কষ্ট নাপায়- এনেকৈ ভবা মানুহজন
১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁৱৰ ফৌজদাৰীপট্টিৰ কীৰ্ত্তনঘৰ ৰোডত বিদুৰ কুমাৰ শইকীয়া ঘৰত অতি পৱিত্ৰ সন্তানৰ জন্ম হয়। নগাঁৱৰ মোক্তাব স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰি নগাঁৱৰ চৰকাৰী হাইস্কুলৰ পৰা ১৯৪৮ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰে। পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰি, কলকাতাৰ প্ৰেচিডেন্সী কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লয়।১৯৫৭চনত শিৱসাগৰ কলেজত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ ডেমনষ্টেটৰৰূপে কাম কৰে। অসম চৰকাৰে প্ৰদান কৰা জলপানি লৈ গৱেষণাৰ বাবে লণ্ডনলৈ যায়। দুবছৰ তিনিমাহ লণ্ডনত থকাৰ পাছত ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তাৰূপে নিযুক্তি লাভ কৰে। এইজন প্ৰৱক্তাৰ তত্ত্বাৱধানত ১৯৬৪ চনত প্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ অনুষ্ঠিত হয়।১৯৬৮-৭৮চনলৈ প্ৰৱক্তা জনে গুৱাহাটী বিশ্ববিদ্যালয়ত আঞ্চলিক ভাষাত পাঠপুথি প্ৰস্তুতি সমন্বয় সমিতিৰ সচিবৰূপে কাৰ্য্যনিৰ্বাহ কৰে। ১৯৭৯ চনত ৰেলৱে চাৰ্ভিচ কমিছনৰ চেয়াৰমেনৰূপে যোগদান কৰে। ৰেল বিভাগত দুৰ্নীতি আৰু অসমীয়া লোকৰ নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম তথা পক্ষপতিত্বমূলক আচৰণ দেখি প্ৰতিবাদ কৰিছিল; কিন্তু মানুহজনক চাকৰিৰ পৰা অব্যাহতি দিয়াত সেই চেষ্টা সফল নহ’ল। ১৯৮৬ৰ পৰা ১৯৮৯ চনলৈকে ‘জ্যোতি চিত্ৰবন’ৰ সভাপতিৰূপে এই অনুষ্ঠানটোৰ উন্নয়নৰ বাবে কাম কৰিছিল। ‘শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ’ৰ উপ-সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰি এই কলাক্ষেত্ৰৰ নিৰ্মাণৰ আঁচনি- পৰিকল্পনাত সহযোগ কৰিছিল আৰু বাস্তৱত ৰূপায়ণ কৰাত দেহে কেহে খাটিছিল।এইজন মানুহে ইমান কৰ্মব্যস্ততাৰ মাজতো সাহিত্য চৰ্চা কৰি উজ্বলি উঠিছিল। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা আপুৰুগীয়া অৱদানৰ বাবে ১৯৯০ চনত ‘অসম উপত্যকা সাহিত্য বঁটা’ লাভ কৰে আৰু এই বঁটাৰ এক লাখ টকা ‘আৰোহণ’ নামৰ শিশু অনুষ্ঠানলৈ আগবঢ়ায়। সমাজৰ দুৰ্দশাগ্ৰস্ত, উপেক্ষিত, অনাথ শিশুসকলৰ সাহাযাৰ্থে এই টকা আগবঢ়ায়। ‘আৰোহণ’ ‘আৰোহণ’- শিশুৰ সৰ্বাংগীন বিকাশ আৰু প্ৰগতিৰ বাবে গুৱাহাটীৰ বেলতলাত মানুহজনে যি অনুষ্ঠান গঢ়ি তুলিলে, সেই ‘আৰোহণ’ মানুহজনৰ এক উল্লেখনীয় কীৰ্তিস্তম্ভ। মানুহজন আন কোনো নহয়, ড০ ভবেন্দ্ৰ নাথ শইকীয়া। ড০ ভবেন্দ্ৰ নাথ শইকীয়া বুলি কলেই দুখন আলোচনীৰ কথা মনলৈ আহে – ‘প্ৰান্তিক’ আৰু শিশু আলোচনী ‘সঁফুৰা’। দুয়োখনেই আজিও জনপ্ৰিয়তা বৰ্তাই ৰাখিছে। গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক, শিশু- সাহিত্যিক আৰু অনাতাঁৰ,ভ্ৰাম্যমাণ নাট্যকাৰ পৰিচালকৰূপে খ্যাতি লাভ কৰে। ২০০৩ চনৰ ১৩আগষ্টত শইকীয়াদেৱৰ মৃত্যু ঘটে। অসমে এজন সৎ, নিষ্ঠাবান সাহিত্যিক, সাংস্কৃতিক কৰ্মীক হেৰুৱালে। ‘সান্ধ্যভ্ৰমন’, ‘সেন্দুৰ’, ‘উপকন্ঠ’, ‘গহ্বৰ’, এই বছৰৰ আবেলি, শৃংখল, তৰংগ প্ৰহৰী আদি গল্প সংকলন, অন্তৰীপ , আতংকৰ শেষত, ৰম্যভূমি আদি উপন্যাস, জীৱন বৃত্ত(আত্মজীৱনী), জীৱন ৰেখা(নিৰ্বাচিত দিনলিপি), ছয় দশকৰ গদ্য, সম্পাদকৰ কোঠালিত আদি ৰচনা কৰাৰ উপৰিও ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে ২৬খন নাটক ৰচনা কৰে। কেবাখনো ছবি পৰিচালনা কৰে- ইতিহাস, সন্ধ্যাৰাগ, আৰ্বতন, অনিৰ্বান, সাৰথি, অগ্নিস্নান, কোলাহল আদি। ‘অনিৰ্বান’ ৰ বাহিৰে আটাইকেইখন ছবিয়ে ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ‘ভাৰতীয় পেনোৰামা’ শিতানত অন্তৰ্ভূক্ত হৈছিল। আৰু কেবাখনো ছবিয়ে ৰজত কমল বঁটা লাভ কৰে।সাহিত্যিকৰূপেও কেবাটাও বঁটা লাভ কৰে- ‘সাহিত্য অকাডেমি বঁটা'(‘শৃংখল’ৰ বাবে ১৯৭৬চন), অসম প্ৰকাশন পৰিষদ’ৰ বঁটা (‘সেন্দুৰ’ৰ বাবে ১৯৭৩ চন), ‘অসম উপত্যকা সাহিত্য বঁটা'(১৯৯০চন), ‘শ্ৰীমন্ত শংকৰদেৱ বঁটা'(১৯৯৮চন),’পদ্মশ্ৰী’ সন্মান(২০০১চন), সংস্কৃতি শিতানত ‘কমল কুমাৰ ৰাষ্ট্ৰীয় বঁটা'(২০০০চন) আদি।
নিকা ভাৱমূৰ্তিৰে সমাজত এখন বিশিষ্ট আসন দখল কৰা শইকীয়াদেৱে দুৰ্নীতি অনিয়মৰ সৈতে আপোচ নকৰিলে। নিজেও কৈ গৈছে- “—-হাজাৰ প্ৰলোভনৰ মাজতো দুৰ্নীতিৰ পৰা মুক্ত হৈ থকাটো সম্ভৱ আৰু দুৰ্নীতিমুক্ত দৰিদ্ৰ হৈ থকাত এক অনিৰ্বচনীয় আনন্দ আছে। মই কাৰো উপকাৰ নকৰিব পাৰোঁ, যদি পাৰিলোঁ কাৰোবাৰ উপকাৰ কৰিলোঁ, যদি নোৱাৰিলোঁ নকৰিলোঁ। কিন্তু মই যেন কাৰো অপকাৰ নকৰোঁ। মোৰ কাৰণে যেন কোনেও দুখ নাপায়, কষ্ট নাপায়।” (জীৱনে মোক কি শিকালে’ৰ পৰা)
ড০ ভূপেন হাজৰিকাই কৈ গৈছে- আচলতে কৰা আৰু কামৰ মাজত তিলমাত্রও প্ৰভেদ নাছিল। দায়িত্ববোধ আৰু……… বিবেচনা বিচাৰ ভবেনৰ সহচৰ। নতুন প্ৰজন্মৰ প্ৰেৰণা।
নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই স্কুলৰ আলোচনী ‘উদয়’ত প্ৰথম লেখা।
তাৰ পাছৰ পৰা অৰ্ধশতিকাতজুৰি গল্প লিখি গ’ল। কবিতাও লিখিছিল। ‘পদ্যৰ ধেমালি’ শীৰ্ষক পুথিখনে কবিৰূপেও জনপ্ৰিয় কৰিলে। একেজন ব্যক্তিৰ মাজত ইমানবোৰ প্ৰতিভা! সাধাৰণতে বিৰল।
অঞ্জু শাণ্ডিল্য,
হাটীগাঁও