মোৰ কপালৰ ৰঙা ফোঁট মোৰ শেষ উশাহলৈকে থাকিবলৈ আশীৰ্বাদ কৰকঃ অভিনেত্ৰী বৰষাৰাণী বিষয়াই

মোৰ কপালৰ ৰঙা ফোঁট মোৰ শেষ উশাহলৈকে থাকিবলৈ আশীৰ্বাদ কৰকঃ অভিনেত্ৰী বৰষাৰাণী বিষয়াই

ৰঙিলী বাৰ্ত্তাসেৱা-  কোকৰাঝাৰত অনুষ্ঠিত হোৱা ১১ সংখ্যক কোচ ৰাজবংশী লোক উৎসৱ কাৰ্ত্তিকা পূজাত অংশগ্ৰহণ কৰে অভিনেত্ৰী বৰষাৰাণী বিষয়াই।এই পূজাত অংশগ্ৰহণ কৰি নিজকে সুখী বুলি মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে।কাৰ্ত্তিকা পূজাত অংশগ্ৰহণ কৰি আশীৰ্বাদ বিচাৰিলে অভিনেত্ৰী বৰষাৰাণী বিষয়াই।এই পূজাতে অভিনেত্ৰীগৰাকীয়ে নিজৰ কপালৰ ৰঙা ফোঁট শেষ উশাহ পৰ্যন্ত থাকিবলৈ সকলোৰে পৰা আশীৰ্বাদ বিচাৰে।উল্লেখ্য যে,কাৰ্ত্তিকা পূজাত কেৱল মহিলাসকলেহে অংশগ্ৰহণ কৰিব পাৰে।অবিভক্ত গোৱালপাৰা জিলাত পালন কৰা কাৰ্ত্তিকা পূজাত পুৰুষৰ প্ৰৱেশ নিষেধ আৰু মহিলাসকলেই পুৰুষৰ ভাও ধৰে।