মোৰ ওপজা মাটি – সুনম বিশ্বাস

PC - Wallpaper Flare

মোৰ ওপজা মাটি

সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ

কত সৌৰভে, কত স্নিগ্ধতাত
কত সুবাসে , কত কোমলতাত
পাওঁ এক নতুন দিগন্তৰ বাণী
হে! মোৰ প্ৰিয় জন্মভূমি ।
যুগ যুগান্তৰৰ সাক্ষী তুমি
তোমাৰ বুকুতেই বীৰ-জোৱানৰ জন্ম
তোমাকেই স্বাধীন কৰি
তোমাতেই বিলীন হ’ল…
শুভ্ৰশিৰ যোগী তুমি!
কি যে যন্ত্রণাত মৰিছে
নিষ্ফল হৈ কেকাইছে
তোমাৰ এই সন্তান।
কণ্ঠ আজি ৰুদ্ধ আমাৰ
সংগীবিহীন ভেটিহাৰা
ছানি ধৰিছে আঁউসীৰ নিশাই,
লুপ্ত হ’বলৈ ধৰিছে তোমাৰ আচলৰ ধন
অস্তিত্বৰ সংকটত ভুগি।
ৰক্তধাৰা বোৱাই উদ্ধাৰ কৰিলে তোমাক
চোতাল কৰিলে পৱিত্ৰ
সাম্প্রতিক অসহায় জাতি মৰিছে ডুবি
সাঁতুৰি নাপাই পাৰ ।
এতিয়া উঠিছে প্ৰশ্ন কোন আমি?
কি আমাৰ পৰিচয়? বাংলাদেশী?
হিন্দু নহয়, মুছলিম নহয়
কোন জানো আহিল উৰি?
ডুবাইছে চীনৰ পানীয়ে চৌদিশ
গিৰিসংকটত ভিৰ …
ৰক্ষা কৰা , উদ্ধাৰ কৰা
পশ্চাৎপথীৰ মন-সন্দেহ লাঘৱ কৰা।
আছে অলক্ষ্যে থিয় দি বর্তমান
আজি পৰীক্ষা জাতিৰ অথবা
জাতিয়ে কৰিছে ত্ৰাণ
তিৰবিৰাইছে তৰা, বৈছে নদী  নাই কেৱল,
ৰবীন্দ্ৰ দেশ প্ৰেমৰ গীত জুৰিবলৈ
নাই নেতাজী জয়ধ্বনি দি আগবাঢ়িবলৈ
নাই গান্ধী অহিংসাৰে জগত জিনিবলৈ
নাই লাচিত গাফিলতিৰ
একেঘাপে শিৰশ্ছেদ কৰিবলৈ
নাই এইসকল দিবাকৰ,
হুচিয়াৰ…
হে মোৰ ওপজা মাতৃভূমি
ধিক্কাৰ আমাৰ জাতিৰ,
আমি স্বৰূপাৰ্থত কাৰ সন্তান?