মোৰ আপোন গাঁওখনি – লখিমী শৰ্মা

PC - Pinterest
মোৰ আপোন গাঁওখনি
লখিমী শৰ্মা, যোৰহাট
মই ভাল পাওঁ মোৰ গাঁৱৰ পৰিৱেশ
নাই শব্দ, নাই ব্যস্ততা,
আপোন প্ৰিয় মোৰ এই গাঁওখন
মই বৰ ভাল পাওঁ।
পঢ়াশালি, গাঁও, পথাৰ নামঘৰ
সমনীয়াহঁতে আমি খেলোঁ,
 আনন্দ মনে না না খেল !
তাঁতশালত লগোৱা কাপোৰ জোৰ
কিমান যে ধুনীয়া,
এইখন গাঁও মোৰ তেনেই আপোন
নিতে নিতে কঢ়িয়াই আনে নতুন সপোন ।
আমাৰ গাঁৱৰ সোণৰ জুৰিটিত
তৰাৰে ধেমালি কৰে,
চাৰিওদিশে সেউজীয়া
গছ, লতা, বন অতি মোহনীয়া ।
বৈ যোৱা চিৰ প্ৰবাহিত জীয়া নৈখন
মোৰ ওপজাৰে পৰা চিনাকি,
নৈৰ বালি চাপৰিত বালিমাহী চৰাইজাকৰ
 উতলা নাচোন, মোৰ উত্তপ্ত পৰাণ জুৰ পেলায়
কেতিয়াবা উদাসী মন শান্ত কৰে !
বাৰী , ঘৰে শুৱনি মোৰ এই আপোন গাঁওখনি।
শুৱনি শেৱালি , বকুলৰ কি সুগন্ধি গোন্ধ
হাকুটিৰে তামোল পাৰি হাটলৈ নিয়ে,
পুখুৰীত থকা মাছবোৰ বৰশীৰে ধৰে
জহা – বৰা চাউলেৰে নিতৌ ভোজন কৰে।
মজিয়াখন মচি লৈ পীৰাতে বহি,
চাহপানী হাতত লৈ লগতে এচপৰা গুৰ !
পুৱাই পুৱাই পাৰ চৰাইবোৰে চিঞৰ-বাখৰ কৰে
দালি চাউল খাবলৈ দিলে,
উৰা মাৰি আহি চোতালতে পৰে।
গোঁহালি গৰু, গড়াঁলৰ ছাগলী
পথাৰতে দিয়ে এৰাল
পথাৰৰ সৰু সৰু আলি, কাষতে আছে নৈ
এচাটি মৃদু বতাহে কাঢ়ি নিয়ে মোৰ মন
অতি বিতোপন এই আপোন মোৰ গাওঁ ঘৰ
চৌদিশে আমোল-মোল সুগন্ধি চৰা ।।