মোৰ অনুভৱত তুমি
এছ ইছলাম, বৰপেটা
নীৰৱ নিশা
মই বহি থকা কোঠাত
কবিতা কিম্বা নাটক লিখোঁ
মন যায় মোৰ শুনিছা নে বাৰু?
অৱসাদৰ সময় খিনিত
তুমি যদি গৰম চাহ একাপ দিলাহেঁতেন!
মই বহি থকা চকীখনৰ পিছ ফালে থিয় হৈ
এবাৰ যদি শুধিলাহেঁতেন
আজৰি হʼলা নে ?
বহুত ভাগৰ লাগিছে তোমাৰ
বুলি ভাবিলাহেঁতেন এবাৰ!
মুৰৰ পিছফালে থিয় হৈ
অকমান গৰম তেল লগাই
চুলি বোৰত যদি আলফুলে হাত
বুলাই দিলাহেঁতেন !
ভিক্স অকণ মান লৈ
যদি মোহাৰি দিলাহেঁতেন
মোৰ কপালখন, মোৰ চকুযুৰি
আহ্ কি প্ৰশান্তি বুলি ক’লোহেঁতেন!
গোটেই স্বৰ্গৰাজ্য
মোৰ হাতৰ মুঠিত থাকিলহেঁতেন।
উহ্ ! কি কৰিবা।
এয়া কল্পনাহে কৰিব পাৰি
বাস্তৱত এয়া কেনেকৈ সম্ভৱ?
তুমিতো তেওঁ নহয়
মোৰ কল্পনা তুমি জানিবা কেনেকৈ?