মৈৰাবাৰীৰ আৰক্ষীৰ অভিযানত হাতিমূৰীয়াৰ পৰা ছয় জন জুৱাৰী গ্ৰেপ্তাৰ 

মৈৰাবাৰীৰ আৰক্ষীৰ অভিযানত হাতিমূৰীয়াৰ পৰা ছয় জন জুৱাৰী গ্ৰেপ্তাৰ 

আদিলুৰ ৰহমান, টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা-  অবৈধ নিচা জাতীয় দ্ৰব্য আৰু জুৱাৰ বিৰুদ্ধে মাৰ বান্ধি লাগিছে মৈৰাবাৰী আৰক্ষী। মৈৰাবাৰীৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছাব্বিৰ আলীৰ নেতৃত্বত অবৈধ কৰ্ম কাণ্ডৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ সাফল্য লাভ কৰিছে মৈৰাবাৰী আৰক্ষীয়ে। ধাৰাসাৰ বৰষুণকো নেওচি পৰহি ৰাতি খেদি খেদি ড্ৰাগছ সহ দুজনক কৰায়ত্ত কৰাৰ পিছত যোৱা নিশা আকৌ অভিযান চলাই মৈৰাবাৰীৰ হাতীমূৰীয়া গাঁৱৰ পৰা আটক কৰে ছয় জনকৈ জুৱাৰীক। নিশা দহ বজাত মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই হাতীমূৰীয়া গাঁৱৰ পৰা জুৱা খেলি থকা অৱস্থাত-নজৰুল ইছলাম, হবিবোৰ ৰহমান,ইমদাদুল ইছলাম, শ্বহীদুল ইছলাম, চেলিম আহমেদ, শ্বহীদুল ইছলামক আটক কৰে। আটকাধিন ছয় জন জুৱাৰীৰ পৰা নগদ ৬২০০ টকা আৰু টাছ পাত জব্দ কৰে আৰক্ষীয়ে। অপৰাধীৰ মুৰৰ কামুৰনি হৈ অসমাজিক কাম কাজৰ বিৰুদ্ধে মৈৰাবাৰী আৰক্ষীয়ে লোৱা এনে কঠোৰ স্থিতিক প্ৰসংশা কৰিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় সচেতন মহলে।