মৈৰাবাৰীত বন বিভাগৰ অভিযান

মৈৰাবাৰীত বন বিভাগৰ অভিযান

মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাও জিলাৰ বন বিভাগৰ এক অভিযানত মৈৰাবাৰীত এটা অবৈধ কাঠফলা মিলৰ যন্ত্ৰ পাতি জব্দ কৰাৰ লগতে মিলটোত থকা কিছুমান অবৈধ মূল্যবান কাঠৰ কুণ্ডা জব্দ কৰে। মৰিগাঁও জিলাৰ বন বিভাগৰ বন বিষয়া মহেশ নাথ আৰু বিট অফিচাৰ শৰৎ হাজৰিকাৰ নেতৃত্বত অহা বন কৰ্মী সকলে মৈৰাবাৰী আক্কাছ মাৰ্কেটৰ সমীপৰ পৰা এটা অবৈধ কাঠফলা মিলৰ যন্ত্ৰ পাতি জব্দ কৰি মৰিগাঁও বন সংমণ্ডলৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে। ইফালে মৈৰাবাৰী টাউনত থকা আৰু ১০/১২ টা অবৈধ কাঠফলা মিলৰ মালিক সকলে বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে অভিযান চলোৱাৰ খবৰ পায় পলায়ন কৰে। মৈৰাবাৰী অঞ্চলত থকা অবৈধ কাঠফলা মিল খিনি অতি সোনকালে জিলা বন বিভাগে বন্ধ কৰিবলৈ মৰিগাঁও জিলা সংখ্যা লঘু সংগ্ৰাম পৰিষদৰ সভাপতি আৰু সম্পাদকে দাবী জনাইছে।