মে-ডাম-মে-ফি
নাজবিন চুলতানা
বকতা
ত্ৰয়োদশ শতিকাৰ দ্বিতীয় দশকৰ মাজভাগত দক্ষিণ চীনৰ পৰা প্ৰব্ৰজন কৰি আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। ১২২৮ খ্ৰীষ্টাব্দৰ ২ ডিচেম্বৰত পাটকাই পৰ্বত পাৰ হৈ অসমীয়া বেশ পৰিধানেৰে ব্ৰহ্মপুত্ৰ উপত্যকাত চ্যুকাফাই ১৬ আঘোণত উপস্থিত হৈ এইদেশখনৰ নাম দিছিল “মুং ডোন চূণ খাম” অৰ্থাৎ সোণোৱালী শইচৰে ভৰা দেশ । চ্যুকাফাই সেইসময়ত সৰু সৰু ভিন্ন জাতি-জনগোষ্ঠী সমূহক একত্ৰিত কৰি বিশাল আহোম ৰাজ্যৰ ভেঁটি গঢ়ি তুলিছিল । ৬০০ বছৰীয়া শাসনকালত আহোমসকলে অসমীয়া জাতি গঠনত অপৰিসীম বৰঙণি যোগাই আহিছে । নিজস্ব ভাষা , ধৰ্ম , কৃষ্টি-সংস্কৃতি থকাৰ স্বত্বেও বৃহৎ অসমীয়া জাতি গঠনৰ বাবে স্থানীয় থলুৱা লোকৰ ৰীতি-নীতি , ভাষা , কৃষ্টি-সংস্কৃতিক আকোঁৱালি লৈ স্থানীয়লোকৰ সৈতে সম্পূৰ্ণৰূপে মিলি গৈছিল । এইবোৰৰ মাজতে আহোমসকলে নিজস্ব কিছুমান ৰীতি-নীতি তথা বিধি-বিধান পালন কৰি আহিছে । এনেধৰণৰ এক ধৰ্মীয় পৰম্পৰাই হৈছে মে-ডাম-মে-ফি ।
মে-ডাম-মে-ফি হৈছে আহোমসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰি পৰম্পৰাগত প্ৰথাৰে পূজা-অৰ্চনা আগবঢ়ায় নিজৰ লগতে সমাজ তথা দেশৰ মংগলৰ বাবে আৰ্শীবাদ বিচৰা এক অনুষ্ঠান । লোকবিশ্বাস অনুসৰি মে শব্দৰ অৰ্থ হৈছে “প্ৰাৰ্থনা” বা “দৰ্শন” , ডাম শব্দৰ অৰ্থ হৈছে “মৃতক” আৰু ফি শব্দৰ অৰ্থ হৈছে “দেৱতা” । ৯ বছৰৰ পাছত এই ডামসকল দেৱতালৈ ৰূপান্তৰ হয় । বৰ্তমানেও এই ৯ পুৰুষ আহোমসকলৰ মাজত বিৰাজমান আৰু ৯ পুৰুষ অনুষ্ঠিত কৰাৰ পাছতে এই ডাম বা মৃতকসকল দেৱতালৈ উন্নীত হয় । স্বৰ্গৰ পৰা এই দেৱতাসকলে বৰ্তি থকা বংশাৱলীসকলক ৰক্ষণাবেক্ষণ দিয়ে । তেওঁলোকৰ বিশ্বাস যে সমাজত সুখ-শান্তিৰে বাস কৰিবলৈ উপৰিপুৰুষসকলৰ আৰ্শীবাদ অপৰিহাৰ্য ।
প্ৰকৃতাৰ্থত পুৰণিকলীয়া পৰম্পৰা অনুসৰি মে-ডাম-মে-ফি দুই ধৰণে অনুষ্ঠিত কৰা হয় – “ব্যক্তিগতভাৱে” আৰু “ৰাজহুৱাভাৱে” । ব্যক্তিগতভাৱে অনুষ্ঠিত কৰা মে-ডাম-মে-ফি ত গৃহস্থই ৰান্ধনিঘৰৰ ঘাই খুঁটা কাটি প্ৰস্তুত কৰা মেহেঙা অৰ্থাৎ বানকাঁহীত উপৰিপুৰুষসকলৰ বাবে নৈবেদ্য আগবঢ়ায় । আনহাতে ৰাজহুৱাভাৱে হোৱা মে-ডাম-মে-ফি ত সমাজৰ সৈতে উপৰিপুৰুষক দৰ্শন কৰা হয় । তদুপৰি আন এক বিশ্বাসৰ ভিত্তি যে ৬০০ বছৰীয়া আহোম ৰাজত্বকালত বিভিন্ন যুদ্ধ-বিগ্ৰহ বা অন্যান্য কাৰণত যিসকল লোক সংসাৰ নকৰাকৈ মৃত্যু হৈছিল , সেই লোকসকলৰ কোনো উত্তৰপুৰুষ নাছিল । তেনেক্ষেত্ৰত সেই মৃতকসকলৰ অৱদান সোৱঁৰি সমজোৱাকৈ দৰ্শন কৰাৰ বাবে ৰাজহুৱা মে-ডাম-মে-ফি আয়োজন কৰা হয় । পূজা-অৰ্চনা কৰিবৰ বাবে আহোমসকলৰ নিজস্ব মন্দিৰ আছে যাক কোৱা হয় “সু-ফি” । আঠকোণীয়া এই মন্দিৰৰ আঠটাকোণত আঠজন দেৱতাক স্থাপন কৰা হয় । “সু-ফি” ত আঠজন দেৱতাৰ বাবে আঠখন “মাইহাং” দিয়া হয় । আহোমসকলে পূজা কৰা এই আঠজন দেৱতা হ’ল – “খাও খাম” (জলদেৱতা বা জলধিপতি) , “আই লেংডিন” (স্থলাধিপতি বা পৃথিৱীৰ অধিপতি) , “ফা-মু-ৰূ লেংডন” (স্বৰ্গাধিপতি) ,” জা-ন-চাই-হুং” , চিট্-লাম-চাম” (সপ্তমণ্ডলৰ অধিকাৰী) , “মুট কুম তাই কুম” (চন্দ্ৰ আৰু সূৰ্যৰ দেৱতা) , “জা-চিং-ফা”(জ্ঞানৰ অধিকাৰী) , “থাও-ডাম”(ঘাই ডাম অৰ্থাৎ চ্যুকাফা) । স্থানভেদে এই আঠজন দেৱতাৰ উপৰি আৰু এখন শৰাই আগবঢ়োৱা হয় যাক কোৱা হয় “ৰা-খিন বা-খিন” অৰ্থাৎ অপশক্তিৰ দেৱতা । পূজাৰ আৰম্ভণিতে আহোমসকলে এখন পতাকা উত্তোলন কৰে যাৰ চিহ্ন হৈছে “ডাম খাম”ৰ চিহ্ন । এই পতাকাখনৰ তাৎপৰ্য হৈছে পাটমুগাৰ কাপোৰত এটা ড্ৰেগনৰ প্ৰতিচ্ছবিৰ পতাকা উত্তোলন , যি হৈছে পৰম আৰাধ্য এজন দেৱতা । এই ড্ৰেগন হৈছে মাটি , পানী , বায়ু সকলোতে সমতাৰ ক্ষমতাপূৰ্ণভাৱে সকলোতে পৰাভূত কৰিব পৰা শক্তি । পতাকা উত্তোলনৰ পাছতেই উপৰিপুৰুষসকলক স্মৰণ কৰি মৈডামত পুষ্প দৰ্শন কৰি “বান-ফি” পূজা কৰে । পূজাৰ বাবে বাহঁ আৰু কলপটোৱাৰে “মতমৰা” নামেৰে এটি বিশেষ ঘৰ সাজে । পৱিত্ৰ পূজাৰ স্থলীত মহন , দেওধাই , বাইলুং সমন্বয়ৰে কমেও ৩ জন মৌলুং বা পুৰোহিত একত্ৰিত হৈ পূজাৰ আয়োজন কৰা হয় । আহোমসকলৰ প্ৰতিজন উপাস্য দেৱতাৰ বাবে একোখনকৈ মেহেঙা প্ৰস্তুত কৰে । বাঁহৰ কাঠিৰে নিৰ্মাণ কৰা বানসমূহ কলপাতেৰে মেৰিয়াই চাৰিটা খুঁটা পুতি মাটিৰ পৰা অলপ ওপৰত মেহেঙাসমূহ স্থাপন কৰা হয় । এই মেহেঙাসমূহত উপৰিপুৰুষসকলে খাই ভাল পোৱা বিভিন্ন দ্ৰৱ্য অৰ্পণ কৰা হয় । পূজাৰ বাবে “ব্ৰক চিং ফা” পানীৰে পূজাৰ স্থলী পৱিত্ৰ কৰি লোৱা হয় । এই পানী উপস্থিত ৰাইজকো দিয়া হয় । কিয়নো আহোমসকলৰ লোকবিশ্বাস অনুসৰি কোৱা হয় যে এই পানী অতি পৱিত্ৰ আৰু এই পানী সেৱণ কৰিলে শক্তি বৃদ্ধি হয় । উপাস্য দেৱতাসকলক উদ্দেশ্য কৰি মেহেঙাত উচৰ্গা কৰা নৈবেদ্যসকলৰ ভিতৰত পকা কল , সিজোৱা কেঁচা কল , কুকুৰা , কণী, চিং কৰা ফুল (ব্ৰক চিং) , তিনিকোণীয়া খাৰ , ৰহি সাঁজ আদি । মেহেঙাৰ এই দ্ৰৱ্যসমূহ পূজাৰ অন্তত খোৱা হয় কিন্তু “ৰা-খিন বা-খিন” দেৱতালৈ থোৱা দ্ৰৱ্যসমূহ নাখায় অপশক্তিলৈ উচৰ্গা কৰে ।
অসমত চাওলুং চ্যুকাফাৰ দিনৰ পৰাই পালন কৰা মে-ডাম-মে-ফি ৰ পূৰ্বতে কোনো নিৰ্দিষ্ট দিন নাছিল । বছৰৰ যিকোনো সময়তে ইয়াক পালন কৰা হৈছিল । ১৯৮৩ চনৰ ৩১ জানুৱাৰীত তদানিন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত তলাতল ঘৰৰ প্ৰাঙ্গনত প্ৰথমবাৰৰ বাবে সাতখন ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিতিত মে-ডাম-মে-ফি আয়োজন কৰা হৈছিল । আন এজন বুৰঞ্জীবিদৰ মতে আহোমৰ ৰাজধানী চৰাইদেউত পোনপ্ৰথমে মে-ডাম-মে-ফি আয়োজন কৰা হৈছিল । য’ত চ্যুকাফাই নিজৰ মৰমৰ ঘোঁৰাটো বলি দিছিল । ৰায়বাহাদুৰ গোলাপ চন্দ্ৰ বৰুৱাৰ অসম বুৰঞ্জীৰ মতে ১৫৬৩ খ্ৰীষ্টাব্দত চুহুংমুং দিহিঙীয়া ৰজাই কছাৰীসকলক ধনশিৰি নদীৰ পাৰত পৰাস্ত কৰি কছাৰী অধিকৃত অঞ্চলসমূহ দখল কৰিছিল । ইয়াৰ পাছতে তেওঁ মে-ডাম-মে-ফি ও আয়োজন কৰে । তদুপৰি ১৬০৬ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰতাপ সিংহই কপিলী নৈৰ পাৰত আৰু ১৬০৫ খ্ৰীষ্টাব্দত আজ্ঞাবন্ধাত মোগলক পৰাস্ত কৰি মে-ডাম-মে-ফি আয়োজন কৰাৰ কথা বুৰঞ্জীত উল্লেখ আছে ।
(উৎস- আকাশবাণী ডিব্ৰুগড় চেণ্টাৰৰ কথিত সমূহ বিৱৰণৰ ভিত্তিত , অন্যান্য অভিজ্ঞ লোকৰ পালন কৰা মে-ডাম-মে-ফি ৰ কথিত বিৱৰণ আদি )