মেয়ৰ – ডেপুটীসহ মিত্ৰজোঁটৰ  পশ্চিম গুৱাহাটীৰ ১৫ জন পাৰিষদক সম্বৰ্ধনা

মেয়ৰ – ডেপুটীসহ মিত্ৰজোঁটৰ  পশ্চিম গুৱাহাটীৰ ১৫ জন পাৰিষদক সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা-  অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত  লখৰাৰ সমীপৰ সাউকুছি প্ৰগতিশীল  সংঘৰ প্ৰাংগণত অনুষ্ঠিত এক অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ নৱনিৰ্বাচিত মেয়ৰ মৃগেন শৰণীয়া  আৰু ডেপুটী মেয়ৰ স্মিতা ৰয়কে ধৰি পশ্চিম গুৱাহাটীৰ অগপ – বিজেপি মিত্ৰজোঁটৰ ১৫ জন পাৰিষদক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । এই উপলক্ষে পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত সভাপতিত্ব কৰে পৰিষদৰ সভাপতি তথা পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ অগপৰ কাৰ্যকৰী সভাপতি আৰু অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই ভাষণ প্ৰসংগত  পৌৰ নিগমৰ মিটজোঁটৰ আটাইকেইজন পাৰিষদক শুভেচ্ছা জ্ঞাপন কৰি অহা পাঁচ বছৰৰ বাবে তেওঁলোকৰ নিজ নিজ ৱাৰ্ডত সৰ্বাংগীন উন্নয়নৰ বাবে আঁচনি প্ৰস্তুত কৰিবলৈ আহ্বান জনায় আৰু এইক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় – সহযোগিতা আগবঢ়োৱা হব বুলি ব্যক্ত কৰে । সভাত মেয়ৰ মৃগেন শৰণীয়াই ভাষণত চৰকাৰ – ৰাইজৰ যৌথ সহযোগত গুৱাহাটীৰ উন্নয়নৰ বাবে  সমৰ্পিত মনোভাৱেৰে কাম কৰি যাব বুলি সদৰি কৰে । সভাত অগপৰ কেন্দ্ৰীয় কমিটীৰ সম্পাদক সুভাষ শৰ্মা , ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মনৰ উপৰি ৰাজেন চন্দ্ৰ মেধি , পৰেশ বৰুৱা , দিছপুৰ আৰু পূব গুৱাহাটীৰ অগপৰ দুয়োজন নৱনিৰ্বাচিত পাৰিষদ আৰু অগপৰ তিনি শতাধিক কর্মী – সমৰ্থক উপস্থিত থাকে ।