মেঘলৈ প্ৰাৰ্থনা
———
শাওনৰ কজলা আকাশখনে
সান্ধ্য সুখৰ নেপূৰ বজাইছে।
চতিয়ানা জোপাৰ পাতবোৰ লহৰিত
মেঘমল্লাৰ সেওতাত
দুখৰ হাফলু ফালি
এজাক জোনাকী
একাঁজলি কূটজৰ বন্দনাৰে
মেঘলৈ জনাইছো প্ৰাৰ্থনা
বৈ আন প্ৰেমৰ বতৰা-
শুকান পাতবোৰ মুঞ্জৰিত
নিস্তৰংগ নকৰিবি
নৈ-নিজৰা-আকাশ।
মাধুৰী শৰ্মা সভাপণ্ডিত