মেক্সিকান গায়ক ডান ছাৰে অস্ত্ৰোপচাৰৰ জৰিয়তে নিজৰ মূৰত সংলগ্ন কৰে সোণৰ চেইন

pc Daily Mail

মেক্সিকান গায়ক ডান ছাৰে অস্ত্ৰোপচাৰৰ জৰিয়তে নিজৰ মূৰত সংলগ্ন কৰে সোণৰ চেইন

অনলাইন বার্তাসেৱা- অস্ত্ৰোপচাৰৰ জৰিয়তে মেক্সিকান গায়ক ডান ছাৰে নিজৰ মূৰত সোণৰ চেইন সংলগ্ন কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য। ছ’চিয়েল মিডিয়াত গায়কগৰাকীয়ে মুকলি কৰি দিয়া আলোকচিত্রই ইতিমধ্যে জ্বৰ তুলিছে। এই নতুন বেশভূষাৰে এক সংগীত ভিডিঅ’ মুকলি কৰি দি গায়কগৰাকীয়ে কৈছে যে মানৱ ইতিহাসত তেওঁ প্ৰথমগৰাকী এনে গায়ক, যিয়ে সোণৰ চুলিৰে সংগীত পৰিৱেশন কৰিব। ২৩ বছৰীয়া গায়কগৰাকীয়ে অস্ত্ৰোপচাৰৰ জৰিয়তে তেওঁৰ লাওখোলাত বহুত সোণৰ জিঞ্জিৰি লগাই লৈছে ।ইফালে, গায়কগৰাকীৰ এনে কাৰ্যক লৈ বিশ্বৰ চিকিৎসকসকলৰ মাজত সৃষ্টি হৈছে কৌতূহল।

(UD.)