মৃতপ্ৰায় হাবিখন
আয়নাল হক, ধুবুৰী
হাবিখন নিজান পৰিল
নাই তাত সিহঁতৰ অমাতৰ মাত
নাই তাত সিহঁতৰ পাখিৰ ঢপ্ ঢপনি…!
মানুহবোৰ শতৰু হৈ
নাশ কৰিলে সৰু-বৰ গছবোৰ
নাইকিয়া হ’ল সিহঁতৰ আশ্ৰয়ৰ ঠাই
নাইকিয়া হ’ল সিহঁতৰ জিৰণিৰ ঠাই।
ফল-মূল নোহোৱা
তৰাং হাবিডৰাত
এতিয়া নাই পখীৰ সুমধুৰ ধ্বনি।
পশুবোৰ অঘৰী হৈ
গুছি গ’ল দিহা-দিহি
মৃতপ্ৰায় হাবিখনত
বিৰাজিছে মৃত্যুৰ কিৰীলি…!
চোৰাং ব্যৱসায়ীৰ দপ্ দপনিত
হাবিখনত নাই চেঁচা বতাহ
স্বাৰ্থপৰ মানুহৰ সম্পত্তিৰ লালসাই
নিঃশেষ কৰিলে সেউজীয়া সুবাস…।