মূল্যবৃদ্ধি ৰোধৰ দাবীত দীঘলীপুখুৰীৰ পাৰত জাতীয় পৰিষদৰ বিক্ষোভ

মূল্যবৃদ্ধি ৰোধৰ দাবীত দীঘলীপুখুৰীৰ পাৰত জাতীয় পৰিষদৰ বিক্ষোভ

ৰঙিলী বাৰ্ত্তাসেৱা-  দৈ-চিৰাৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীৰ বহী-পেন্সিললৈ প্ৰায় সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ কৰি অসহনীয় মূল্যবৃদ্ধিত চৰকাৰে উদগণি যোগোৱাৰ প্ৰতিবাদত তথা সামগ্ৰিকভাৱে মূল্য বৃদ্ধি ৰোধৰ দাবীত অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত জাতীয় বিক্ষোভ কাৰ্যসূচী পালন কৰে৷ দলৰ কেন্দ্ৰীয় সভাপতি লুৰীণজ্যোতি গগৈ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বাণী দাসসহ প্ৰায়সকল জ্যেষ্ঠ নেতা উপস্থিত থকা এই প্ৰতিবাদী কাৰ্যসূচীত পাঁচ শতাধিক বিক্ষোভকাৰীয়ে চৰকাৰবিৰোধী শ্লোগানেৰে পৰিৱেশ মুখৰিত কৰি তোলে৷ মূল্যবৃদ্ধি ৰোধ কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা জি এছ টি প্ৰত্যাহাৰ কৰক, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ ৰাইজৰ তেজখোৱা চৰকাৰ, নৰেন্দ্ৰ মোদী মিথ্যাচাৰী, হিমন্ত বিশ্ব শৰ্মা অহংকাৰী আদি শ্লোগান দিয়ে৷ প্ৰতিবাদস্থলীত আগবঢ়োৱা ভাষণত দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে ইউ পি এ চৰকাৰৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ প্ৰতিবাদ কৰিয়ে বিজেপি শাসনলৈ আহিছিল৷ বিজেপি দলে আচ্ছে দিন অৰ্থাৎ ভাল দিন অনাৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু ক্ষমতালৈ অহাৰ পিচতেই বিজেপিৰ চৰকাৰে এটাৰ পিচত এটাকৈ জনবিৰোধী পদক্ষেপ লবলৈ আৰম্ভ কৰিলে৷ নৰেন্দ্ৰ মোদী ক্ষমাতালৈ আহিয়েই কৰ্পোৰট গোষ্ঠীসমূহক অধিক হাৰত ধন আহৰণৰ সুযোগ কৰি দিয়াৰ লগে লগে বনিয়া গোষ্ঠীসমূহে মূল্য বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিলে৷ মোদী চৰকাৰে এফালৰ পৰা ৰাজহুৱা সম্পত্তিসমূহ বিক্ৰী কৰি চৰকাৰক দেওলীয়া কৰি পেলাইছে আৰু চৰকাৰৰ ৰাজকোষ পূৰণৰ বাব জনসাধাৰণৰ ওপৰত কৰৰ বোজা জাপি দিছে৷ সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰৰ ওপৰতৰ অসহনীয় কৰৰ বোজা জাপি দিয়াৰ পিছত বৰ্তমানে পৰিস্থিয়ে এনে পৰ্যায় পাইছেগৈ যে এতিয়া কেৱল উশাহ-নিশাহৰ ওপৰতহে কৰ লগাবলৈ বাকী আছে৷ ভাৰত শাসন কৰা বৃটিছেও আনকি খাদ্য আটা-চিৰাৰ দৰে খাদ্য দ্ৰব্যৰ ওপৰত কৰ আৰোপ কৰা নাছিল৷ বিজেপি চৰকাৰে বৃটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীকো চেৰাই গৈছে৷ দলৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বাণী দাসে নিজৰ বক্তব্যত কয় যে বিজেপি চৰকাৰে ৰাইজক পশু-পক্ষীৰ দৰে এটা অৱস্থালৈ ঠেলি দিছে৷ পশু-পক্ষাৰ পিঞ্জৰাত আৱদ্ধ কৰিবলৈ যেনেকৈ প্ৰথমে টোপ দিয়া হয়, তেনেকৈ বিনামূলীয়া বা হিকাধিকাৰী আঁচনিৰ টোপ দিছে আৰু পিচত ভোট বেংকৰ পিঞ্জৰাত আৱদ্ধ কৰি পেলাবলৈ লৈছে৷ দেশৰ এই অৱস্থা অব্যাহত থাকিলে আমাৰ ইয়াতো অচিৰেই শ্ৰীলংকা সদৃশ পৰিৱেশৰ সূচনা হ’ব বুলি দাসে আশংকা ব্যক্ত কৰে৷