মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো চৰকাৰৰ অক্ষমণীয় অপৰাধ : জাতীয় পৰিষদ ‘ক্ষমতা-ঐশ্বৰ্যৰ মোহত মদমত্ত বিজেপি, ৰাইজৰ দুৰ্দশা উপলব্ধিৰ সময় নাই’

pc- Twitter

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো চৰকাৰৰ অক্ষমণীয় অপৰাধ : জাতীয় পৰিষদ ‘ক্ষমতা-ঐশ্বৰ্যৰ মোহত মদমত্ত বিজেপি, ৰাইজৰ দুৰ্দশা উপলব্ধিৰ সময় নাই’

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাল দিন আৰু পৰিৱৰ্তনৰ সপোন দেখুৱাই ক্ষমতালৈ অহা কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু ৰাজ্যৰ ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চৰম জনবিৰোধী নীতিৰ ফলশ্ৰতিত অসমত পে’ট্ৰলৰ মূল্যই এশ টকাৰ ঘৰ অতিক্ৰম কৰাৰ লগে লগে দুয়োখন চৰকাৰে নিজকে ৰাইজৰ চৰকাৰ বুলি ভবাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলালে৷ – এই বক্তব্য অসম জাতীয় পৰিষদৰ৷ দলটোৰ মতে, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু নিবনুৱা সমস্যা সমাধানকে ধৰি জনসাধাৰণৰ জীৱন-জীৱিকাৰ মৌলিক সমস্যাসমূহ সমাধানৰ সপোন দেখুৱাই কেন্দ্ৰ আৰু ৰাজ্য উভয়তে ক্ষমতালৈ অহা বিজেপি দলৰ চৰকাৰে গাদীত বহাৰ পাছতেই সকলো জনমুখী প্ৰতিশ্ৰুতি পাহৰি নিৰ্দিষ্ট কিছু পুঁজিপতি গোষ্ঠীৰ বহতীয়া হৈ পৰাৰ মূল্য আজি দেশবাসীয়ে ভৰিবলগা হৈছে৷ এক প্ৰেছ বিবৃতি যোগে দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, “অন্য দলৰ চৰকাৰ থকা দিনত বিজেপিয়ে মূল্যবৃদ্ধিৰ প্ৰতিবাদত দেশ কঁপাইছিল৷ কিন্তু এতিয়া পে’ট্ৰল-ডিজেল-ৰন্ধন গেছ আৰু খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি দৰৱ আৰু নিৰ্মাণ সামগ্ৰীলৈ সকলোতে অসহনীয় মূল্য বৃদ্ধি হোৱাৰ পাছতো কিন্তু বিজেপি নেতাসকলে মৌনব্ৰত ধাৰণ কৰি আছে৷ এয়া দেশবাসীৰ প্ৰতি কৰা চৰম প্ৰতাৰণ৷” নিৰ্বাচনৰ পূৰ্বে ‘ভাল দিন আৰু পৰিৱৰ্তনৰ সপোন দেখুওৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ এয়া এক অক্ষমণীয় অপৰাধ বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয়, “বিজেপিৰ নেতাসকল এতিয়া ক্ষমতা-ঐশ্বৰ্যৰ মোহত ইমানেই মদমত্ত যে জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তোলা মূল্যবৃদ্ধিৰ ভয়াৱহতা উপলব্ধি কৰাৰ তেওঁলোকৰ সময় নাই৷ এনে প্ৰতাৰকসকলক ৰাইজে নিশ্চয় চিনি থব আৰু সময়ত তাৰ উচিত প্ৰত্যোত্তৰ দিব৷”