এইবাৰ দেখা গ’ল যে সভ্যতা-সংস্কৃতিৰ যুঁজৰ শ্লোগানেৰে বিজেপিয়ে ৰাজনীতিৰ যুদ্ধখনত জয়ী হ’ল আৰু যুঁজৰ প্ৰধান সেনাপতি গৈ ৰজা অৰ্থাৎ মুখ্যমন্ত্ৰী হ’ল। গণতান্ত্ৰিকভাৱে গঠিত হোৱা চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীজনৰ পৰা ৰাইজে কিছু দিশত কঠোৰ আৰু ভবিষ্যত দিক দৰ্শনৰ পথ মুকলি হোৱা ব্যৱস্থা লব বুলি মনত এক আশা পুহি ৰাখিছো। বৰ্তমান চৰকাৰৰ সন্মুখত ক’ভিদ পৰিস্থিতি মোকাবিলা কৰাটোৱে প্ৰথম প্ৰত্যাহ্বান আৰু ইয়াৰপৰা ৰাইজক সুস্থভাৱে পৰিত্ৰাণ কৰিব পৰাটোৱেই হ’ব মুখ্যমন্ত্ৰীজনৰ প্ৰথম সফলতা। এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতিটো নিৰ্দেশ পালন কৰি চৰকাৰৰ লগত সহযোগিতা কৰাটো ৰাইজৰ প্ৰধান দায়িত্ব। দেখা গৈছে যে ৰাইজে যোৱাবাৰতকৈ এইবাৰ অধিক তৎপৰতাৰে নিৰ্দেশবোৰ পালন কৰিছে। আশা কৰা যায় দুই-তিনিমাহৰ ভিতৰত পৰিস্থিতি স্বাভাৱিক হ’ব।
যোৱা নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক দলবোৰে নিৰ্দিষ্ট কিছুমান ইস্তাহাৰ [ইচু] লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল, কিন্তু দেখা গ’ল বিজেপিৰ সভ্যতা-সংস্কৃতিৰ যুদ্ধ অৰ্থাৎ বংঙ্গীয় মূলৰ ইছলাম ধৰ্মীলোকৰ আগ্ৰাহনে কেনেকৈ থলুৱা লোকৰ অস্তিত্বৰ প্ৰতি ভাবুকি তাক অপৰিসীম কষ্ট তথা বাক পটুতাৰে ৰাইজক পতিয়ন নিয়াবলৈ ড০ হিমন্ত বিশ্ব শৰ্মা সক্ষম হ’ল। এই ক্ষেত্ৰত জাতীয়তাবাদী নেতাসকলে ৰাইজৰ আস্থাভাজন হোৱাত বিফল হৈছে। যি নহওঁক বৰ্ত্তমান ৰাজনৈতিক নিৰ্বাচনৰ ক্ষেত্ৰখনত সাম্প্ৰদায়ীক মেৰুকৰণে বিশেষভাৱে প্ৰভাবিত কৰা দেখা গৈছে। আমি বিশেষকৈ অসমৰ ক্ষেত্ৰখনত কব পাৰো যে ভাৰতবৰ্ষই যেতিয়া ধৰ্মীয় আগ্ৰাসনৰ কথা বিবেচনাত অনা নাছিল তেতিয়াই কিন্তু অসমৰ ছাত্ৰ সমাজৰ নেতৃত্বত ঐতিহাহিক “বিদেশী বহিষ্কাৰ” আন্দোলন আৰম্ভ হৈছিল। এই বিদেশী বহিষ্কাৰ আন্দোলন যদিও ধৰ্মভিত্তিক নাছিল কিন্তু সাংক্ষিকভাবে বঙ্গমূলীয় ইছলাম ধৰ্মী লোকৰ অভাৱনীয় জনসংখ্যা বৃদ্ধিৰ বাবে [বঙ্গমূলীয় হিন্দু তুলনামূলকভাৱে কম] নামনি অসমৰ বহু জিলাত সংখ্যাগুৰুত পৰিণত হোৱা বাবেই ইয়াৰ আৰম্ভণি। অসম আন্দোলনৰ প্ৰায় ৪২ বছৰৰ পাছতো এইবাৰৰ নিৰ্বাচনত নামনি অসমত হোৱা নিৰ্বাচনী ফলাফলে জল জল-পট পটকৈ প্ৰমাণ কৰিলে যে সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা বিদেশী সমস্যা কিমান প্ৰাসংগিক আছিল। তেতিয়াই যদি কেন্দ্ৰীয় নেতৃত্ব তথা ভাৰতবৰ্ষৰ বাকী ৰাজ্যবোৰে সমস্যাৰ গভীৰতা হৃদয়ঙ্গম কৰিলেহেঁতেন তেতিয়া আজি বিজেপিৰ উত্থান আৰু কংগ্ৰেছৰ দেশজুৰি নিঃচিহ হোৱাৰ পৰিস্থিতি বোধহয় নহ’লহেঁতেন। অসমৰ ৰাইজৰ পৰিপক্ক চিন্তা তথা অসম ভূ-খণ্ডৰ গুৰুত্ব তেতিয়া অবহেলিত হৈ আছিল, তাৰ ফল আজি অসমৰ লগতে দেশখনে উপলব্ধি কৰিবলৈ বাধ্য হৈছে।
অসমৰ সৌভাগ্য যে আমি ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন চতুৰ, তীক্ষ্ন বুদ্ধি মেধা সম্পন্ন কৰ্মপটু দুৰদৰ্শী নেতা পাইছোঁ আৰু তেখেতৰ নেতৃত্বত অসম তথা অসমীয়াৰ উন্নতিয়ে এক বিশেষ মাত্ৰা পাব বুলি আশাৰ সঞ্চাৰ কৰিছে। আজি প্ৰায় ৪২ বছৰে নিৰ্বাচনৰ সময়ত অসমৰ অস্তিত্বৰ সংকটৰ ভয় দেখুৱাই নতুন নতুন ৰাজনৈতিক নেতাৰ সৃষ্টি হয় আৰু দলবোৰে ৰাইজৰ জৰুৰী সমস্যাবোৰৰপৰা ফালৰিকাটি নিকৃষ্ট ৰাজনৈতিক মুনাফা আদায় কৰাৰ যি বজাৰ চলি আছে সেইখন বন্ধ কৰাৰ বাস্তৱসন্মত পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰী মহোদয়ক ক’ভিদ সমস্যাৰ পিছতেই অগ্ৰাধিকাৰ ভিত্তিত ব্যৱস্থা লৱলৈ আহবান কৰিলোঁ। অসম আন্দোলনৰ অভিজ্ঞতাৰ পৰা আজিলৈকে হোৱা বিভিন্ন সংগ্ৰামত পৰোক্ষভাৱে অসমীয়াৰ স্বাৰ্থত সমৰ্থনকাৰী হিচাপে কিছু কথা ব্যক্ত কৰিব বিচাৰিছোঁ, নাজানো কিমান বাস্তবায়িত হ’ব।
অসম আন্দোলনৰ সময়ৰপৰাই বিদেশী প্ৰব্ৰজন তথা জনসংখ্য বৃদ্ধিৰ চৰ্চ্চা হৈ আহিছে আৰু প্ৰতিটো নিৰ্বাচনৰ সময়ত ই গৈ তুঙ্গত উঠে, সেই সময়ত এনেকুৱা লাগে যে এইবাৰ নতুন চৰকাৰে অসমৰ সমস্যাবোৰ সমাধান কৰিহে এৰিব। কিন্তু লজ্জাজনকভাবে নেতাবোৰে আজি দশক-দশক বছৰ ধৰি প্ৰতাৰণা কৰি আহিছে সেয়ে এইবাৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ব্যক্তিত্ব তথা বক্তব্যত ভোটাৰ ৰাইজে দৃঢ়তা আৰু আস্থা বিচাৰি পাইছে যাৰ বাবে মহাজোট বা ন-জাতীয়তাবাদী দলবোৰৰ নেতাসকলৰ লগতে দলবোৰক প্ৰত্যাখান কৰিছে। বিভিন্ন সময়ত প্ৰকাশিত পৰিসংখ্যাবোৰত দেখা যায় যে জনসংখ্যাৰ ঘনত্ব কেইখনমান জিলাত বিশেষকৈ ধুবুৰী, হোজাই, কৰিমগঞ্জ, নগাঁও, দক্ষিণ শালমাৰা, বৰপেটা, মৰিগাঁও, গোৱালপাৰা, বজালী, কামৰূপ আদি জিলাবোৰত তুলনামুলকভাৱে বেছি। ইয়াৰ মুখ্য কাৰক হিচাপে জন্মৰ হাৰ বৃদ্ধিৰ বাবেই প্ৰধানত হোৱা যেন লাগে। এই জিলাবোৰৰ গৰিষ্ঠ সংখ্যক লোকেই বঙ্গমূলীয় ইছলামধৰ্মী লোক। এই লোকসকলৰ শিক্ষাৰ হাৰ অন্য ঠাইৰ তুলনাত কম আৰু ধৰ্মীয়ভাৱে বহু বিবাহ আৰু অধিক সন্তান জন্ম দিয়াত উৎসাহ যোগোৱা হয়। এই বঙ্গমূলীয় ইছলাম ধৰ্মী লোকসকলৰ মৌলবাদী নেতাবোৰৰ লগতে তেওঁলোকে অতদিনে সমৰ্থন কৰি অহা ৰাজনৈতিক দলবোৰে তেওঁলোকক মাদ্ৰাছা শিক্ষাৰ উত্তৰণ ঘটাই আধুনিক শিক্ষাৰ ব্যৱস্থাৰ দ্বাৰা তেওঁলোকৰ উন্নতিৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে মহিলাসকলে দহ-বাৰটা লৰা-ছোৱালী জন্ম দিয়া যন্ত্ৰ হিচাপে পুৰণি স্থিতাৱস্থা বাহাল ৰাখি ৰাজনৈতিক বজাৰখন চলাই থাকিল। ইয়াৰ ফলত সেই সমাজখনো পিছ পৰি থাকিল আৰু সামগ্ৰীকভাৱে অসমৰো পৰিস্থিতি জটিল কৰাতহে অৰিহণা যোগালে। জনসংখ্যা বৃদ্ধি ৰাজ্য এখনৰ উন্নয়নৰ এক ডাঙৰ বাধা। জনসংখ্যা বৃদ্ধিৰ ফলত চৰকাৰী হিতাধীকাৰীৰ বাবে উন্নয়নৰ পুঁজি যথেষ্ট বৃদ্ধি কৰিবলগীয়াত পৰে। আৰু ইয়াৰ মাধমাৰ কৰ আদায় দিয়া শ্ৰেণীটোৰ ওপৰত পৰে। যোৱা কাৰ্যকালত ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে ভাৰতবৰ্ষৰ কোনো ৰাজনৈতিক নেতাই মাদ্ৰাছাবোৰৰ আধুনিকৰণৰ ক্ষেত্ৰত ল’বলৈ সাহস নকৰা সিদ্ধান্ত লৈ গৰীব মুছলিম সমাজৰ উন্নতিৰ বাট মুকলালে তেনেকৈ এইবাৰ জনসংখ্যা বৃদ্ধি ৰোধৰ ক্ষেত্ৰত দুটি সন্তানৰ ওপৰত জন্ম নিয়ন্ত্ৰণ বাধ্যতামূলক কৰি দৃঢ় আইন লাগু কৰক। সাধাৰণ ৰাইজে কৰ আদায় দিয়া ধনেৰে জন্ম নিয়ন্ত্ৰণ নকৰা লোকসকলক হিতাধীকাৰী হিচাপে দিয়া সুবিধাবোৰ ‘কৰ দাঁতা’ সকলৰ প্ৰতি অন্যায় ইয়াৰ বাবে ক্ষমতাত থকা চৰকাৰে নিশ্চয় অদূৰ ভৱিষ্যতে জগৰীয়া হ’ব।
আমি মন কৰি আহিছো, বিভিন্ন প্ৰিণ্ট মিডিয়া তথা বৈদ্যুতিক মিডিয়াত বিভিন্ন দল-সংগঠনে আজি ৪২ বছৰে বিদেশীমুক্ত অসমৰ দাবী কৰি আহিছে, নাজানো ই কিমান বাস্তৱ সন্মত। কিন্তু বিদেশীমুক্ত ভোটাৰ তালিকা নিশ্চয় কৰিব পাৰিব। সেয়েহে শেষত মুখ্যমন্ত্ৰী মহোদয়ক বিদেশীমুক্ত ভোটৰ তালিকা এই কাৰ্যকালত কৰি তাৰ ভিত্তিত হিতাধীকাৰী চিনাক্ত কৰক। অত বছৰে ভাৰতীয় নাগৰীকৰ কৰৰ ধনেৰে বিদেশী হিতাধীকাৰীক সুবিধা দি থকা হৈছে।
বন্ধ কৰক। বিশ্বাস তথা আস্থা আছে আপোনাৰ ওপৰত। আপুনি পৰিব।
কমল চন্দ্ৰ গোস্বামী
পাণবজাৰ
মোঃ ৯৪৩৫০-১০৪৬৮