মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অক্সিজেন পি এছ এ প্লাণ্ট আৰু চুকাফা সঞ্জীৱনী নামৰ দুখন আঁচনিৰ শুভাৰম্ভ কৰে 

pc- facebook

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অক্সিজেন পি এছ এ প্লাণ্ট আৰু চুকাফা সঞ্জীৱনী নামৰ দুখন আঁচনিৰ শুভাৰম্ভ কৰে 

ৰঙিলী বাৰ্ত্তাসেৱা– ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিমৌৰ দিচাং ৰজাবাৰী স্বৰ্গদেউ চাওলুং চুকাফা মাল্টি স্পেচিয়েলিটী হাস্পতালখনত অক্সিজেন পি এছ এ প্লাণ্ট আৰু চুকাফা সঞ্জীৱনী নামৰ দুখন গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ কৰে। চুকাফা চিকিৎসালয়ৰ চৌহদত উপস্থিত হৈয়ে প্রথমে অক্সিজেন পি এছ এ প্লান্ট উদ্বোধন কৰি চিকিৎসালয়ৰ কেইবাটাও বিভাগ পৰিদৰ্শন কৰে। উপস্থিত ৰাইজক উদ্দেশ্যি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ক’ভিডৰ দ্বিতীয় ঢৌত ভাৰতৰ ভিন্ন প্ৰান্তত ক’ভিড ৰোগীয়ে অক্সিজেনৰ সমস্যাৰ সন্মুখীন হৈছিল।কিন্তু সেই সময়ত অসমত এনে পৰিৱেশৰ সৈতে ৰাজ্য চৰকাৰে সন্মুখৰ পৰা ক’ভিডৰ সৈতে মোকাবিলা কৰে। ৰাজ্য চৰকাৰে সেই সময়ত অসমৰ কেইবাটাও স্থানত এনেধৰণৰ অক্সিজেন প্লাণ্ট স্থাপন কৰি অক্সিজেনৰ সমস্যা সমাধান কৰিছিল। দিচাং ৰজাবাৰীস্থিত স্বৰ্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটী চিকিৎসালয়ত অ’ এন জি চিৰ সামাজিক দায়বদ্ধতা আঁচনিৰ পুঁজিৰে নিৰ্মীয়মাণ চিকিৎসালয়খনত ৰাইজৰ সুবিধার্থে অক্সিজেনৰ প্লান্ট মুকলি কৰিবলৈ পাই যথেষ্ট আনন্দিত হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। চিকিৎসালয়খনত চুকাফা সঞ্জীৱনী নামৰ আন এখন আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।